newsnextone.com |  নগাঁওঃ অৱশেষত অসমীয়া জাতি ৰক্ষাৰ দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পালে। যাৰ বাবে সুদীৰ্ঘ কাল অসমীয়া জাতিয়ে কৰিব লগা হৈছিল সংগ্ৰাম। ৰাজপথ উত্তাল কৰি গঢ়ি তোলা তীব্ৰ সংগ্ৰামত বহু অসমীয়া ডেকাই প্ৰাণ দিব লগা হোৱাৰ বিপৰীতে বহুজন আকৌ হ'বলগীয়া হৈছিল অকালতে পংগু। এতিয়া দীৰ্ঘ পৰিক্ৰমাৰ অন্তত ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত বহু জল্পনা-কল্পনাৰ অন্তত যেন অসমীয়াই লাভ কৰিলে বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চি।সোমবাৰে পুৱাই ৰাইজৰ মাজলৈ আহিল এনআৰচি ৷ 

পুৱা ১০ বজাত অনলাইন যোগে আনুষ্ঠানিকভাৱে এন আৰ চিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱাহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত আনুষ্ঠানিক মুকলি কৰাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে বিৰাজমান হয় ব্যস্ততাপূৰ্ণ পৰিবেশ ৷ উল্লেখ্য, অনুৰূপ এনে পৰিবেশ দেখিবলৈ পোৱা গ’ল ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাত। প্ৰাপ্ত খবৰ মতে, জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম প্ৰান্তৰ গ্ৰাম্য এলেকাৰ এনআৰচিৰ সকলোবোৰ সেৱা কেন্দ্ৰতে পুৱাৰে পৰা উৎসুক গঞাৰাইজে প্ৰচণ্ড ভিৰৰ সৃষ্টি কৰে ৷ সকলোৰে লক্ষ্য এটাই এন আৰ চিৰ চূড়ান্ত খচৰাত নিজৰ নাম সন্নিবিষ্ট হৈছে নে নাই তাক স্বচক্ষে প্ৰত্যক্ষ কৰা ৷ 

ইফালে, পশ্চিম নগাঁৱৰ বটদ্ৰৱা, ধিং, বেছামাৰী, ধূপগুৰি, কদমণি, বৰিবজাৰ, টুকটুকী, হাতীযুঁজোৱা, আলিটাঙনী, বৰভেটী, গৰৈমাৰী, শিমলুগুৰি, ভকতগাঁও, সোণাইঘাট, শিঙাৰী আদি অঞ্চল স্পৰ্শকাতৰ হিচাপে জিলা প্ৰশাসনে চিহ্নত কৰি কালিৰে পৰা সেইবোৰ অঞ্চলত গঢ়ি তুলিছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ এনআৰচিক লৈ যাতে ৰাইজৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে অসম আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছিল যদিও উক্ত অঞ্চলবোৰত কিন্তু শান্তিপূৰ্ণভাবে দিনটো অতিবাহীত হয় ৷ 

একপ্ৰকাৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ৰাইজে নিজৰ লগতে পৰিয়ালৰ আন সদস্যৰ নাম চূড়ান্ত খচৰাত আছে নে নাই তাক শৃংখলাবদ্ধভাবে পৰীক্ষা কৰা দেখা যায়৷ অৱশ্যে, ইয়াৰে বহু সংখ্যক লোকৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নোহোৱাত এই লোকসকল চিন্তিত হৈ পৰিছে ৷ এনআৰচিক কেন্দ্ৰ কৰিয়েই সোমবাৰে নগাঁৱৰ পশ্চিমাঞ্চলত স্বাভাবিক জীৱন-যাত্ৰা ব্যাহত হৈ পৰে ৷ বিশেষকৈ সংখ্যালঘূ বসতি প্ৰধান অঞ্চলবোৰত একপ্ৰকাৰে অঘোষিত বন্ধৰ দৰে পৰিবেশ দেখা যায় ৷ উক্ত অঞ্চলবোৰত থকা চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বজাৰ, ডাকঘৰ, বেংক, ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলোতে গ্ৰাহকৰ উপস্থিতি একেবাৰে সেৰেঙা হৈ পৰাৰ বিপৰীতে যান-বাহনৰ চলাচলোঁ কম আছিল।