newsnextone নলবাৰীঃ নলবাৰী জিলাৰ বাহঁজানীৰ অময়াপুৰত যোৱা নিশা হোৱা এক পথ দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে অৰৰা গাঁওৰ বাসিন্দা তথা পূৱ বাহঁজানীৰ গোপালথান বালিকা বিদ্যা মন্দিৰৰ কাৰ্যালয় সহায়ক খনিন্দ্ৰ কলিতাই এখন চাইকেলত তীব্ৰ খুন্দা মাৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় । জানিব পৰা মতে একে গাঁওৰে  এজন যুৱকে সুৰা পান কৰি হাজো নলবাৰী পথেৰে গৈ  আছিল । এনেতে যজ্ঞভূমি চকৰ পৰা বজাৰ সমাৰ কৰি খনিন্দ্ৰ কলিতাই নিজৰ স্কুটিৰে নিজ ঘৰলৈ গৈ আছিল যদিও অময়াপুৰৰ বামুন্দি চকৰ সমিপত সুৰা পান কৰা যুৱক জনে পথেৰে একা বেকাকৈ চাইকেল চলাই আহি থকাত দুয়োৰে মাজত প্ৰচণ্ড খুণ্ডা-খুণ্ডি লাগে আৰু খনিন্দ্ৰ  কলিতা পথত বাগৰি পৰি নাকে মুখ, মগজুৰ পৰা অধিক ৰক্তক্ষৰণ হয় । 
লগে লগে ৰাইজে নলবাৰী  অসামৰিক চিকিৎসালয়ললৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষনা কৰে। সৰবৰহী যুৱক খনিন কলিতাৰ অকাল মৃত্যুত  অঞ্চলটোৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰে। খনিন্দ্ৰ কলিতাৰ মৃতদেহ তেখেতে চাকৰি কৰা বিদ্যালয় খনিলৈ আনি শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।