নলবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে শাসকীয় বিজেপি দলে৷ ৰাজ্যিক, জিলা তথামণ্ডল পৰ্যায়লৈকে সকলোৱে এতিয়া দলক তৃণমুল পৰ্যায়ত শক্তিশালি কৰিবলৈ সভা-সমিতি অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে৷ শনিবাৰে পূৱা নলবাৰী মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন নলবাৰী চক-বজাৰৰ লেখক সভাৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়।

পূৱ নলবাৰী মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী বিভা বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আতঁধৰে সাধাৰণ সম্পাদিকা ডালিমী বৰ্মনে। সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ সভাপতি অপূৰ্ব শৰ্মা, আৰতী বৈশ্য, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মন, পূৱ নলবাৰী মণ্ডল বিজেপিৰ সভাপতি জয়ৰাম বৰ্মন, সাধাৰণ সম্পাদক খগেন ডেকা, ভূপেন ডেকা, যুৱ মৰ্চাৰ সভাপতি পৰাগ চক্ৰৱৰ্তী সহ বহুকেইজন নেতা-নেত্ৰী উপস্থিত থাকে।

সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই মহিলাসকলক ৰাজনৈতিক দল এটাৰ অন্যতম শক্তি বুল কয়। মহিলা সমাজে দলটোৰ প্ৰতি দায়িত্বশীল ভাবে কাম কাজ পৰিচালনা কৰি দলক শক্তিশালী কৰাৰ আহবান জনায় পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’বলৈ কয়।