newsnextone.com | নলবাৰীঃ নলবাৰী বানিজ্য মহাবিদ্যালয়ৰ স্নাতক তৃতীয় ষান্মাষিকৰ ছাত্ৰ বৰকুৰা গাঁৱৰ হেমন্ত বৰ্মনৰ বৰ্তমান দুয়োটা বৃক্ক বিকল৷ হাঁহি ধেমালিৰে জীৱনৰ স্বপ্ন গুঁঠাৰ সময়তে নলবাৰীৰ এই ছাত্ৰজনে শেলেতীকে সাৰথি কৰি পৰি থাকিব লগীয়া হৈছে৷ এমাহ পূৰ্বে তেওঁ হঠাৎ দুৰ্বল হৈ পৰাত পৰিয়ালে চিকিৎসকৰ ওচৰলৈ নিয়াত পৰীক্ষা-নিৰীক্ষা কৰি তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ পৰা বুলি জানিব পাৰে৷ দৰিদ্ৰ পৰিয়ালটোৱে এই খবৰ লাভ কৰি ভাগি পৰে৷ 

শেহতীয়াকৈ দৰিদ্ৰ পৰিয়ালৰ সন্তান তথা বানিজ্যৰ ছাত্ৰজন ঘৰতে আছে যদিও চিকিৎসকে শীঘ্ৰে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে৷ ইতিমধ্যেই বিভিন্ন হস্পিতালত চিকিৎসা চলাই থকা পিতৃ-মাতৃৰ হাতত নাই চিকিৎসাৰ বাবে ব্যয় বহন কৰিবলৈ পৰ্যাপ্ত ধন৷ সেয়ে ঘৰলৈ উভতাই আনিছে সাধাৰণ উপাৰ্জনৰে পৰিয়াল পোহপাল দিয়া পিতৃয়ে৷ 

বহুদিন ধৰি বৃক্কজনিত ৰোগত ভূগি থকা ছাত্ৰজনে বৰ্তমান প্ৰয়োজন বহু পৰিমাণৰ আৰ্থিক সাহাৰ্য্যৰ৷ ছাত্ৰজন সুস্থ হৈ পুনৰ সমনীয়াৰ সৈতে শ্ৰেণীকোঠাত সহপাঠী হিচাপে পাবলৈ প্ৰাৰ্থনা কৰিছে সহপাঠিয়ে৷ অঞ্চলবাসী, শুভাকাংক্ষী তথা নলবাৰী বানিজ্য মহাবিদ্যালয়ৰ শিক্ষক সকলোৱে প্ৰাৰ্থনা জনাইছে হেমন্ত বৰ্মন সুস্থ হৈ উঠিবৰ বাবে৷ 

আৰ্থিকভাৱে পিছপৰা পিতৃয়ে সহায়ৰ হাত বিচাৰিছে সহৃদয়ৱান ৰাইজৰ ওচৰত৷ কোনো সহৃদয়ৱান ব্যক্তিয়ে যোগাযোগ কৰিব বিচাৰিলে ৮৪৮৬৮৯৮৬৮২ নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু কোনো লোকে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেতিয়া নলবাৰীৰ ষ্টেট বেংকৰ আইএফচি ক’ড এছবি নং ১১০৩ ৰ ২০৪২৬০২০০৮২ একাউণ্টত সাহাৰ্য্য প্ৰদান কৰিব পাৰিব বুলি জনাইছে৷