newsnextone.com।নলবাৰীঃ নলবাৰী জিলাৰ বৰকুৰাত মঙ্গলবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নলবাৰীৰ বৰকুৰাত  ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি গৈ থকা অৱস্হাত  চাৰিচকীয়া বাহনে পথচাৰী নিৰোদ বসুমতাৰীক খুন্দিয়াই গুৰুতৰ ভাবে আহত কৰে৷

আহত হোৱা নিৰোদ বসুমতাৰীক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত বসুমতাৰীক জি এম চি লৈ প্ৰেৰণ কৰা হয়৷ উল্লেখ্য যে চাৰিচকীয়া বাহন খনে পথচাৰী জনক খুন্দিয়াই ঘটনাস্হলীৰ পৰা পলায়ন কৰে৷