নলবাৰীঃ ঐক্য, সংহতি, সমন্বয়ৰ এনাজৰী কটকটীয়া কৰাৰ লক্ষ্যৰে নলবাৰী কেবাবছৰ ধৰি পালন কৰি আহিছে চাম-এ-মেহফিল৷ নলবাৰী নাট্য মন্দিৰত বিগত বছৰৰ দৰে শনিবাৰে অনুষ্ঠিত অন্যতম   সাংস্কৃতিক অনুষ্ঠান  চাম-এ-মেহফিল।

শিল্পী দোস্ত হান্নানৰ প্ৰচেষ্ঠাত অনুষ্ঠিত হৈ আহিছে এই অনুষ্ঠান। এইবেলি চাম-এ-মেহফিল অনুষ্ঠান উদ্ধোধন কৰে খ্যাতনামা বোলছবি অভিনেতা নিপন গোস্বামীয়ে। অভিনেতা গোস্বামীয়ে সমাজত সমন্বয় আৰু আদৰ্শৰ অভাৱ হৈছে বুলি কয়। এনে সময়ত চাম-এ-মেহফিলে সমাজত এক্যৰ, ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে।

মানুহে মাথো এটা চাকৰি নতুবা আন কোনো সংস্থাপন কৰি জীৱন নিৰ্বাহ কৰিলে নহব। সমাজৰ, দহৰ হকে কাম কৰিব লাগিব। শিল্পী দোস্ত হান্নানে এনে সমন্বয়ৰ অনুষ্ঠান পাতি এক বাৰ্তা দি আহিছে সমাজলৈ। সাংস্কৃতিক অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য, নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য, সমাজকৰ্মী গনেশ তামুলী সহ বহু সংখ্যক শিল্পী তথা ৰাইজ উপস্থিত থাকে