প্ৰেম প্ৰত্যাখ্যান নে আন কিবা কাৰণত আক্ৰমণ

ঘাটক ৰণ্টু শৰ্মাই পাবনে শাস্তি?

ডিজিটেল ডেস্ক,২৪ আগষ্টঃ হঠাতে খবৰৰ কেন্দ্ৰবিন্দু হৈ পৰিল ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়৷বৈদু্তিন মাধ্যম,সামাজিক মাধ্যম অথবা খবৰ কাগজত অকল মৰিঢল মহাবিদ্যালয়ৰ চৰ্চা৷চৰ্চা কোনো উল্লেখযোগ্য সফলতাৰ বাবে নহয়৷এজন মানুহৰূপী দানৱ ৰিণ্টু শৰ্মাৰ কুকৰ্মই বিগত কিছুদিন খবৰৰ কেন্দ্ৰবিন্দুত ৰাখিছে৷উল্লেখযোগ্য যে ৰিণ্টু শৰ্মা হ’ল মহাবিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী৷ মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ বিয়েৰাৰ হিচাবে কৰ্মৰত ৰিণ্টু শর্মাৰ দাৰ ঘাপত মূৰত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছিল নন্দিতা শইকীয়া নামৰ ছাত্রীগৰাকী৷নন্দিতাৰ লগতে আন এগৰাকী ছাত্ৰীকো দাৰে ঘপিয়াই আহত কৰিছিল ধৃত ৰিণ্টু শৰ্মাই৷ বৰ্তমান ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নার্ছিংহোমৰ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে ছাত্রীগৰাকীয়ে৷

চিকিৎসালয়খনৰ ভেন্টিলেচন কক্ষত যোৱা প্ৰায় ২৪ ঘণ্টা ধৰি নিথৰ হৈ পৰি আছে নন্দিতা।বর্তমান অচেতন হৈ আছে নন্দিতা৷প্রচুৰ ৰক্তক্ষৰণৰ বাবে ছাত্রীগৰাকীক দিবলগীয়া হৈছে যথেষ্ট পৰিমাণৰ তেজ৷ছাত্রীগৰাকীৰ প্রাণৰক্ষা কৰিবলৈ চিকিৎসকে চলাইছে আপ্রাণ চেষ্টা৷ছাত্রী নন্দিতা শইকীয়া চিকিৎসাধীন হৈ থকা নার্ছিংহোমৰ চিকিৎসকে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি বর্তমানে ছাত্রীগৰাকী ক’মা অৱস্থাত আছে৷ সেয়ে ভেণ্টিলেচন ব্যৱস্থাত ৰখা হৈছে৷ শৰীৰৰ বিশেষ পৰিৱর্তন হোৱা নাই যদিওঁ সকলো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা বুলি চিকিৎসকে সদৰী কৰে৷

আনহাতে নন্দিতাৰ জ্যেষ্ঠ ভাতৃয়ে প্রকাশ কৰা মতে, সংবাদ মাধ্যমসমূহে যাতে ভুল বা অপপ্রচাৰ নচলায় তাৰ বাবে সকলোলৈ অনুৰোধ জনায়৷ তেওঁৰ ভনী বর্তমানেও চিকিৎসালয়ত সংকটজনক অৱস্থাত আছে৷ চিকিৎসকে ঘোষণা নকৰালৈ কোনেও যাতে অতিৰঞ্জিত নকৰে তাৰ বাবেও আহ্বান জনায় জ্যেষ্ঠ ভাতৃগৰাকীয়ে৷ ইফালে নন্দিতা শইকীয়াৰ চিকিৎসাক্ষেত্রত প্রয়োজনীয় সাহায্য আগবঢ়োৱাৰ লগতে ৰক্ত দি থকাৰ কথা প্রকাশ কৰিছে ডিব্রুগড ছাত্র সন্থাই৷ লগতে নন্দিতাৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে আছুৱে৷

নন্দিতাৰ মগজুৰ জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে যদিও স্বাস্থ্যৰ বৰ্তমানৰ অস্থিৰতাৰ বাবে সেয়া সম্ভৱ হোৱা নাই।নন্দিতাৰ মগজুৰ প্ৰায় ৮৯ শতাংশ নিস্ক্ৰিয় হোৱা বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে নন্দিতা শইকীয়াৰ লগত অহা সহপাঠী কাশ্মীৰা দত্ত আৰু কাশ্মীৰাৰ দেউতাক দেৱ দত্তই এই আক্ৰমণত বাধা দিয়াৰ বাবে তেওঁলোককো ধৃত ৰিণ্টু শইকীয়াই ঘপিয়াই গুৰুতৰ ভাবে আহত কৰিছিল৷

পৰৱৰ্তী সময়ত নন্দিতা শইকীয়াৰ স্বাস্থ্যক লৈ একাংশ সংবাদ মাধ্যমত ভুল বাতৰি পৰিৱেশন কৰা হয়৷এই প্ৰসংগতে নন্দিতা শইকীয়াৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কৰযোৰে কয় – "মোৰ ছোৱালী বর্তমান ঠিকেই আছে৷সকলোৰে ওচৰত মই কাতৰেৰে অনুৰোধ কৰিছো, মোৰ ছোৱালীৰ বাবে প্রার্থনা কৰক, এগচি চাকি জ্বলাওক৷যাতে তাই ভাল হৈ উঠে৷এয়ে মোৰ সকলোৰে ওচৰত প্রার্থনা৷"

ইতিমধ্যে ধৃত ৰিণ্টু শৰ্মাক আটক কৰা হৈছে৷লগে লগে প্ৰতিবাদে কপাই তুলিছে সমগ্ৰ অঞ্চল৷মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে অপৰাধীৰ চৰম শাস্তিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷আনহাতে নন্দিতাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা বাবে চিকিৎসাৰ বাবে আৰ্থিক সাহায্য দিয়াৰো দাবী উথ্থাপন কৰা হৈছে৷ৰিণ্টু শৰ্মাৰ দৰে অপৰাধীয়ে যাতে শীঘ্ৰেই কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি লাভ কৰে তাৰ বাবেওঁ প্ৰশাসনক দাবী জনোৱা হৈছে৷

নন্দিতা শইকীয়া শীঘ্ৰেই সুস্থ হৈ উঠক আৰু ধৃত ৰিণ্টু শইকীয়াই কঠোৰ শাস্তি পাওঁক যাতে সমাজত পুনৰবাৰ এনে দুৰ্ঘটনা নঘটে৷এয়াই কামনা সচেতন লোকৰ৷