newsnextone.com | কোকৰাঝাৰঃ আগন্তুক স্বাধীনতা দিৱসত কুটাঘাতৰ পৰিকল্পনা কৰা এগৰাকী এনডিএফবি (এচ)ৰ সদস্যক আটক কৰিবলৈ সক্ষম বয় কোকৰাঝাৰ আৰক্ষী আৰু সেনাই।

কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ উত্তৰ ঝাৰবাৰীত আৰক্ষী আৰু সেনাই বুধবাৰে যৌথ অভিযান চলাই সমাগত কুটাঘাতৰ পৰিকল্পনা কৰি বিটিএডিত প্ৰৱেশ কৰা এগৰাকী এনডিএফবি (এচ)ৰ সদস্যক আটক কৰাৰ লগতে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰও জব্দ কৰিবলৈ সক্ষম হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ভাৰত-ভূটান সীমান্তৰ উত্তৰ ঝাৰবাৰীৰ খালাচীত চলোৱা অভিযানৰ ফলত আটক হোৱা এনডিএফবি(এচ) সদস্য গৰাকীক দীপক ব্ৰহ্ম ওৰফে বি.দৌফূঙগৌন (২৮) বুলি আৰক্ষীয়ে সদৰি কৰিছে।

কোকৰাঝাৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক প্ৰকাশ মেধীয়ে সদৰি কৰা মতে দুদিন পূৰ্বে কোকৰাঝাৰ আৰক্ষী আৰু সেনাৰ ১২নং শিখলাই ৰেজিমেণ্টৰ অভিযানকাৰী দলে আটক কৰা এগৰাকী দুধৰ্ষ এনডিএফবি(এচ) সদস্য আৰু এগৰাকী লিংকমেনৰ স্বীকাৰোক্তিৰ ভিত্তিত সেনা আৰক্ষীৰ অভিযানকাৰী দলে ছেৰফাংগুৰী থানাৰ অন্তৰ্গত খালাচীত অভিযান চলাই প্ৰথমে দীপক ব্ৰহ্ম নামৰ এনডিএফবি(এচ) সদস্যগৰাকীক এটা চাইনিজ গ্ৰেনেডৰ সৈতে আটক কৰে।

 ইয়াৰ পিছতে ধৃত এনডিএফবি(এচ) সদস্যজনক অভিযানকাৰী দলে জেৰা কৰাত লুকাই থোৱা অস্ত্ৰৰ সন্ধান লাভ কৰে আৰু স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে খালাচী অঞ্চলত মাটিত পুতি থোৱা অৱস্থাৰ পৰা এটা আমেৰিকাত নিৰ্মিত ভয়াৱহ ৫.৫৬মিঃ মিঃ এম-১৬ ৰাইফল আৰু ১১ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে। ধৃত এনডিএফবি (এচ) সদস্যগৰাকী সমাগত স্বাধীনতা দিৱসত কুটাঘাতৰ পৰিকল্লনা কৰাৰ লগতে ধনদাবী, ভাবুকিৰে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ উপৰিও নতুন সদস্য ভৰ্তিকৰণৰ সতেও জড়িত আছিল বুলি দাবী কৰিছে কোকৰাঝাৰ জিলা আৰক্ষীয়ে।