ড° দেবব্ৰত শৰ্মাৰ 'নেলীৰ বুকুত হওক সুউচ্চ জাতীয় শ্বহীদ মিনাৰ' উন্মোচন 

নেলীঃ অসমৰ বুকুত নেলী এডুখৰ কেঁচা ঘা৷ সেই ঘা টুকুৰাই ১৮ ফেব্ৰুৱাৰীত ভৰি দিলে ৩৬ বছৰত৷ অথচ সেই ক্ষতস্থান যেন আজিও শুকুৱা নাই৷ আজিও ন্যায়ৰপৰা বঞ্চিত নেলীৰ দুৰ্ভগীয়াসকল৷ নেলী আজি যেন অস্পৃশ্য শব্দ৷ সেয়ে নেলীৰ উন্নয়নো কোনেও নিবিচাৰে৷ 

পিছে মানৱতাবোধ সম্পন্ন লোকসকলে কেতিয়াও পাহৰিব নোৱাৰে নেলীক৷ ১৮ ফেব্ৰুৱাৰী নেলী গণহত্যাৰ ৩৬তম বৰ্ষপুৰ্তিত নেলীত সমবেত হ’ল ৰাজ্যৰ মানৱতাভাগী লেখক-সাংবাদিকৰ এটি বৃহৎ দল৷ আলোচনা কৰিলে নেলী বিষয়ত, সোঁৱৰিলে শ্বহীদক৷

অসমত মানৱ অধিকাৰ এনেদৰে উলংঘা কৰা হৈছে যে তাৰ এক ভয়ানক পৰিণতি ভোগ কৰিছে অসমত বাস কৰা সংখ্যালঘু লোকসকলে। আনফালে, চৰকাৰী পক্ষৰ পৰাও চৰম অৱজ্ঞাৰ বলি হৈ আহিছে। নিৰ্যাতন-নিপিড়ন বা অত্যাচাৰৰ ঘটনাৰ যিদৰে বিচাৰ হ’ব লাগিছিল সেয়া কিন্তু হোৱা নাই। সংখ্যালঘু ৰাইজৰ ওপৰত বহুকেইটা আক্ৰমণ কৰা হৈছে যদিও চৰকাৰ বা মানৱ অধিকাৰ আয়োগে আজি পৰ্যন্তও দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহা দেখা নগ’ল।

১৯৮৩ চনত নেলীকে ধৰি মুঠ ১৪ খন গাওঁৰ মুছলমান সম্প্ৰদায় তথা অসমৰ ধৰ্মীয় সংখ্যালঘুলোকক পৰিকল্পিতভাৱে বৰ্বৰ আক্ৰমণ কৰিছিল। এই ঘটনাৰ তদন্ত কৰিবলৈ গঠন কৰা তিৱাৰী কমিচনে ১৯৮৫ চনতেই ৬০০ পৃষ্ঠাযোৰা প্ৰতিবেদন দাখিল কৰিছিল যদিওঁ পৰবৰ্তী সময়ত উক্ত প্ৰতিবেদন ৰাজহুৱা কৰা নহ’ল৷

এই নেলীতেই  ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছচাইটি আৰু নেলী ডেভলাপমেণ্ট চছাইটিৰ উদোগত এখন হাইস্কুল স্থাপন কৰা হৈছিল, এইবাৰ ৰাজহুৱা সভাত চেকেণ্ডাৰী স্কুলৰ স্থায়ী গৃহৰ আধাৰশিলা স্থাপন কৰা হয়৷ সাংবাদিক ছাহজাহান তালুকদাৰে আঁত ধৰা সভাত সাম্প্ৰতিক সময়ৰ অগ্ৰণী লিখক, বুদ্ধিজীৱি দ° দেৱব্ৰত শৰ্মাৰ "নেলীৰ বুকুত হওঁক সুউচ্চ জাতীয় শ্বহীদ মিনাৰ" আৰু জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰৰ সম্পাদনাত "উদিত নেলী" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়৷

সভাত ৰাজ্যৰ অগ্ৰণী কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকি ভাষণ আগবঢ়ায়৷ ড° দেবব্ৰত শৰ্মাৰ ভাষণে কঁপাই যায় আকাশ-বতাহ৷  নেলী গণহত্যাত বেচৰকাৰী হিচাপমতে ৩৩০০ আৰু চৰকাৰীমতে ১৮০০ মানুহৰ নৃশংস হত্যাৰ বলি হৈছিল, সেইসকলৰ গণকবৰত দেওবাৰে দোৱা হ’ল। অসমৰ সমাজ সচেতন লোক সকলে মঙলবাৰে একে লগে নেলীক স্মৰণ কৰিলে। 

ড° আতোৱাৰ ৰহমান, হাফিজ ৰছিদ আহমেদ চৌধুৰী, ড° দীনেশ বৈশ্য, লিখক তথা অধ্যাপক ড°দেৱব্ৰত শৰ্মা, অধ্যাপক আব্দুল মান্নান, ডাঃ তৌফিকুৰ ৰহমান, পদ্মশ্ৰী ডাঃ ইলিয়াছ আলি, শিল্পী ড° ৰানু বৈশ্য, সাংবাদিক ছাহজাহান তালুকদাৰ, ড°জ্যোতিৰ্ময় জানা, প্ৰাঃবিধায়ক চন্দ্ৰধৰ কলিতা, দেৱেন্দ্ৰনাথ মুক্তিয়াৰ, অধ্যাপক ৰাজীৱ হুছেইন, সমন্বয় কাকতৰ সম্পাদক ছাদিকুজ জামান, সাংবাদিক জমিৰ উদ্দিন তালুকদাৰ, কবি ৰফিক উদ্দিন, লেখিকা ৰাবিয়া খাতুন, প্ৰবন্ধকাৰ ৰমিচা বেগমকে আদি কৰি অসমৰ সাহিত্যক, সাংবাদিক, নেলীৰ কেবা সহস্ৰাধিক ৰাইজ উপস্থিত আছিল। শেষত বিদ্যালয়খনৰ আধাৰ শিলা স্থাপন কৰে পদ্মশ্ৰী ডাঃ ইলিয়াচ আলীয়ে আৰু মোনাজাতেৰে সভা অন্ত পৰে৷