নগাঁওঃ সংখ্যালঘু এলেকাত শিক্ষাৰ উন্নয়ন আৰু বাল্য বিবাহ ৰোধ কৰাৰ বাব কাম কৰি অহা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দেওবাৰ নগাঁৱৰ বালুচৰস্থিত ব্ৰহ্মপুত্ৰ ভেলী জুনিয়ৰ কলেজত এখন সভা অনুষ্ঠিত কৰে৷ সংগঠনটোৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত বৰালিমাৰী-ফুৰহানিআটী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় সভা খন৷ 

বিশিষ্ট সমাজকৰ্মী মাইনুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আবুবক্কৰ ছিদ্দিক উপস্থিত থাকি শিক্ষা এটা জাতিৰ মেৰুদণ্ড, শিক্ষাৰ মাধ্যমৰে হে আমাৰ সমাজ ব্যৱস্থাক পৰিৱৰ্তন কৰিব লাগিব বুলি কয়। 

তেওঁ আৰু কয় যে সমাজৰ পৰা কু-সংস্কাৰ সমূহ ক্ৰমে বাল্যবিবাহ, শিশু শ্ৰমিক, অন্ধ বিশ্বাস, জুৱা, মদ, ড্ৰাগছ ইত্যাদি দূৰ কৰিবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সদায়ে মাত মাতি আহিছে আৰু এই কু-সংস্কাৰ সমূহ ৰোধি কৰিবলৈ ৰাইজক সচেতন হবলৈ আহবান জনায়৷ 

দুৰ্নীতিৰ ক্ষেত্ৰত সংগ্ৰাম পৰিষদ কেতিয়াও আপোচ নকৰে বুলিও স্পষ্ট কৰি দিয়ে। সভাত আমছুৰ নগাঁও জিলা সমিতিৰ ক্ৰীড়া সম্পাদক নাছিৰ উদ্দিনে উপস্থিত থাকি নৱ সংগঠনটোৰ বৰালিমাৰী-ফুৰহানিআটী আঞ্চলিক সমিতিৰ বিষয়-ববীয়াক উক্ত অঞ্চলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত ৰাইজক সদায়ে সহায় কৰিবলৈ আগবাঢ়ি যাবলৈ  আহবান জনায়। 

সভাখনত উচ্চ শিক্ষিত যুৱক ফকৰুল ইছলামক সভাপতি,  শ্বফিকুল ইছলাম, আব্দুল বাৰেকক উপ-সভাপতি, এমদাদুল হকক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া  সংগ্ৰাম পৰিষদৰ বৃহত্তৰ বৰালিমাৰী-ফুৰহানিআটী আঞ্চলিক সমিতি গঠন কৰা হয়। সভাখনত পৰিষদৰ নগাঁও জিলা সমিতিৰ কোষাধ্যক্ষ ফকৰ উদ্দিন, সমাজসেৱক জিয়াউৰ ৰহমান, ছফিকুল ইছলাম, তাফাজ্জুল ইছলাম উপস্থিত থাকে৷