newsenxtone.com | খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা বৈঠালাংছ" বিধান সভা সমষ্টিৰ অন্তর্গত কাৰ্বি পৰিষদৰ পৰিষদীয় সমষ্টি দোৱাৰ-আমলাত আজি আনুষ্ঠানিকভাৱে কেবা কোটি টকীয়া আচঁনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

উল্লেখ্য যে, আয়োজন কৰা আজিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত পিছপৰা অঞ্চল হিচাপে গুৰুত্ব সহকাৰে সহযোগ আগবঢ়াই স্থানীয় বিধায়ক ডঃ মানছিং ৰংপি, পৰিষদৰ প্ৰাক্তন অধ্যক্ষ হৰেনছিং বে', কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, পৰিষদীয় সদস্যস ক্ৰমে মঙ্গলছিং তিমুং, দৰছিং ৰংহাং, পৱন কুমাৰ, ৰামছিং তিমুং, প্ৰভাত চন্দ্ৰ টাৰ'ৰ লগতে বিভাগীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজে।

গুৰুত্বপূৰ্ণ বিষয় যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ চৰকাৰৰ প্ৰচেষ্টাত অসম চৰকাৰৰ বিত্তীয় মন্ত্ৰীৰ বিশেষ পেকেজৰ আৱন্টিত ধনেৰে বৃহত্তৰ কাৰ্বি আংলঙত ইতিমধ্যে স্থাপন কৰিবলগীয়া মুঠ ২৬খনকৈ ষ্টুডিয়াম এটা অংশ হিচাপে আজি ১০ কোটি টকা ব্যয় ধার্য্যৰে দোৱাৰ-আমলাৰ ভকচঙত মুকলি মঞ্চ, গেলেৰী আৰু প্ৰেক্ষাগৃহসহ ষ্টুডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে উল্লেখিত সজাতি দলটোৰ উপস্থিতিত তুলিৰাম ৰংহাঙে।

সমান্তৰালকৈ উক্ত সমষ্টিটোৰ অন্তর্গত তথা উমপানাই গড়কাপ্তানী বিভাগৰ অধীনত ৩ কোটি টকা ব্যয় অবন্টনেৰে দলংসহ মেৰামতি সম্পূৰ্ণ কৰা ৰাজাগাওঁ-বৰকক সংযোগী পথৰ শুভ উদ্বোধন কৰাৰ বিপৰীতে মেৰামতি সম্পূৰ্ণ কৰা মৰটেন গাওঁৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা পথ-সুৰু আম্লি সংযোগী পথৰ শুভ উদ্বোধন কৰে ৰংহাঙে।

ইয়াৰ পাছতে ভকচঙত অনুষ্ঠিত হোৱা এম এ চি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত অংশ লয় উল্লেখিত সজাতি দলটোৰ লগতে হাওঁৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক জয়ৰাম ইংলেঙে।