ডিজিটেল ডেস্কঃ টাৰ্ণ মি অনৰপৰা আৰম্ভ কৰি আনাকোণ্ডালৈকে মন-প্ৰাণ উতলা কৰা গীত গোৱা নিকি মিনাজৰ এটা দমকলো আছে৷

বিশ্ববিখ্যাত কণ্ঠশিল্পী মিনাজৰ এই দমকলটো আছে ভাৰতৰ এখন অখ্যাত গাঁৱত৷ নিকি মিনাজৰ হৈ কাম কৰা লিডিয়া শ্লোলেৰ হতুৱাই পানীৰ অভাৱত ভোগা গাওঁ এখনত দমকলটোৰ ব্যৱস্থা কৰাই আনন্দ লাভ কৰিছে মিনাজে৷

ইনষ্টাগ্ৰামত ফটো আৰু ভিডিঅ’টো পোষ্ট কৰি মিনাজে কয়- ‘আমি হাস্যকৰ বস্তুৰ বিষয়ে অভিযোগ কৰাৰ সময়তে কিছুমানে আনকি খোৱাপানীখিনিও নাপায়৷ ভাৰতলৈ আশীৰ্বাদ৷ আমাৰ কাম এতিয়াও বহু বাকী’৷ 

ইয়াৰ উপৰিও গাঁওখনত এটা কম্পিউটাৰ চেণ্টাৰ, এটা চিলাই-কটাইৰ প্ৰশিক্ষণ কেন্দ্ৰ, এটা অধ্যয়ন কেন্দ্ৰ আৰু দুটা কুঁৱা স্থাপন কৰিছে মিনাজে৷