তেজপুৰঃ দেশৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে দেওবাৰে অসমত উপস্থিত হয়৷ সেনাৰ এখন বিশেষ বিমাণ যোগে বায়ুসেনা বাহিনীৰ ৮৫সংখ্যক প্ৰতিষ্ঠা দিৱস অংশ গ্ৰহণৰ উদ্দেশ্যে তেজপুৰত আহি উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ৷

তেজপুৰৰ সেনাৰ চতুৰ্থ কৰত অনুষ্ঠিত বিশেষ কাৰ্যসুচীত অতিথি হিচাপে অংশ গ্ৰহণ কৰে৷ সেনা বিষয়া, বায়ুসেনা বিষয়াৰ লগতে সেনা জোৱানক উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে ভাষণ আগবঢ়ায়৷

ভাৰত-চীন সীমান্তৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত সেনাৰ উচ্চস্থৰীয় বিষয়াৰে মিলিত হয় নিৰ্মলাই৷ ভাৰত-চীন সীমান্তৰ সুৰক্ষা ব্যৱস্থা সন্দৰ্ভত সেনাৰ উচ্চস্থৰীয় বিষয়াৰে মিলিত হয় নিৰ্মলাই৷

সেনা-বায়ু সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ লগতে জোৱানৰ সৈতেও এখন বিশেষ সভাত মিলিত হয় নিৰ্মলাই৷ চতুৰ্থ কৰৰ উচ্চ পদস্থ বিষয়া, বায়ুসেনা বাহিনীৰ বিষয়াৰ সৈতে উত্তৰ পুৰ্বাঞ্চলৰ প্ৰতিৰক্ষা সম্পৰ্কত আলোচনাত মিলিত হয় তেও৷

অৰুণাচল সীমান্তত তেজপুৰ বায়ুসেনাৰ হেলিকপ্টাৰ সঘনাই দুৰ্ঘটনাত পতিত হোৱা বিষয়টো আলোচনাত স্থান পায় বুলি জানিব পৰা গৈছে৷ তেজপুৰত বায়ুসেনা বাহিনীৰ ৮৫সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসুচীত অংশ গ্ৰহণ কৰি অভিভূত হৈ পৰে মন্ত্ৰীগৰাকীয়ে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে চতুৰ্থ কৰৰ জিঅচি এ এচ বেডীৰ সৈতে অসম উত্তৰ পুৰ্বাঞ্চলৰ সীমান্তৰ সুৰক্ষা সন্দৰ্ভত বিশেষ আলোচনাত বহে। বাণিজ্য আৰু উদ্যোগ বিভাগৰ দায়িত্ব এৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিৰক্ষাৰ দায়িত্ব দিছিল নিৰ্মলাক৷