newsnextone.com | মানকাচাৰঃ ২ আগষ্টত অনুষ্ঠিত হোৱা অসম বিজ্ঞান প্ৰসাৰ পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল কালাপানী এম ই স্কুলৰ অষ্ঠম শ্ৰেণীৰ ছাত্ৰ ছাব্বিৰ আহমেদ। ছাব্বিৰ আহমেদৰ এই সফলতাই কালাপানী এম ই স্কুলৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।

মনকৰিবলগীয়া কথা যে, অসমৰ মুঠ ৩৩ খন জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই বিজ্ঞান প্ৰসাৰ পৰীক্ষাত  অসমৰ দুৰ্গম জিলা দক্ষিণ শালমাৰা মানকাচৰৰ ছাত্ৰই প্ৰথম স্থান লাভ কৰাত সমগ্ৰ ৰাজ্যতে চৰ্চাৰ বিষয় হৈ পৰিছে।

ছাব্বিৰ আহমেদে সাংবাদিকৰ আগত নিজৰ মতামত প্ৰকাশ কৰি কয়, বিদ্যালয়ৰ সকলো শিক্ষকে মোক যথেষ্ট সহায় সহযোগিতা কৰিছে।সকলোৰে দোৱা আৰু আৰ্শীবাদ বিচাৰিছো  যাতে পুনৰ মনিপুৰত অনুষ্ঠিত হবলগা পৰীক্ষাত অবতীৰ্ণ হৈ সু-নাম কঢ়িয়াই আনিবলৈ সক্ষম হব পাৰেো।
প্ৰধান শিক্ষক হাবিবুচ চুলতানে কয় -ছাব্বিৰ আহমেদ এজন মেধা ছাত্ৰ, আমি আগৰ পৰাই জানো। যাৰ বাবে সদৌ অসম বিজ্ঞান প্ৰসাৰ পৰীক্ষাত ছাব্বিৰক মনোনীত কৰি পঠিয়াইছিলো আৰু ছাব্বিৰ আহমেদে আমাৰ বিদ্যালয়ৰ লগতে জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। 

অহা ২৮ আগষ্টৰপৰা মণিপুৰত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰা ছাব্বিৰ সহ মুঠ ১৫ গৰাকী শ্ৰেষ্ঠ মেধাবী শিক্ষাৰ্থীয় পুনৰবাৰ অবতীৰ্ণ হব পৰীক্ষাত।কিন্তু দুখীয়া ঘৰৰ সন্তান তথা মেধাবী ছাত্ৰ ছাব্বিৰে মণিপুৰত পৰীক্ষা দিবলৈ হাতত নাই পৰ্যাপ্ত ধন।ফলত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিও এতিয়া ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষাৰ পৰা বঞ্চিত হবলগা হৈছে এইগৰাকী মেধাবী ছাত্ৰ ছাব্বিৰ।যাৰ বাবে মেধাবী ছাত্ৰ গৰাকীক সহায়ৰ বাবে অনুৰোধ জনাইছে ছাব্বিৰ আহমেদ তথা তেওঁৰ পিতৃ আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে।