কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ জাংকৃথাই পথাৰত যোৱা ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এবছুৰ ৪৯ সংখ্যাক বাৰ্ষিক অধিৱেশন তথা সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি তৃতীয়দিনা অধিৱেশনথলীত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয় । তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি স্বৰ্ণজ্বয়ন্তী মাৰাথন দৌৰ প্ৰতিযোগিতা পুৱা ৫:৩০ বজাত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক মনমোহন বড়োই ফ্লেগ অফ কৰাৰ পিছত ৯:৩০ বজাৰ পৰা আৰম্ভ হয় এবছুৰ বহুচৰ্চিত ৰাষ্ট্ৰীয় আলোচনাচক্ৰ।
১৬খন মঞ্চত ১৬ টা বিষয়ৰ ওপৰত ৰাষ্ট্ৰীয় আলোচনাচক্ৰ
জাংকৃথাই পথাৰতে ১৬ খন ভিন্ন মঞ্চত ১৬ টা বিভিন্ন বিষয়ৰ ওপৰত একে সময়তে ৰাষ্ট্ৰীয় আলোচনাচক্ৰ অনুষ্ঠিত কৰি এবছুৱে এক নতুন ইতিহাস গঢ়ে । অধিৱেশনৰ দ্বিতীয় দিনাও ১৬খন ভিন্ন মঞ্চত ১৬ টা ভিন্ন বিষয়ত ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ অনুষ্ঠিত হৈছিল আৰু আজিও ১৬ টা ভিন ভিন বিষয়ত একে সময়তে ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ অনুষ্ঠিত কৰি অৰ্থাাৎ অধিৱেশনৰ দুটা দিনতে মুঠ ৩২খনকৈ ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ অনুষ্ঠিত কৰাটো দেশৰ ছাত্ৰ সংগঠনৰ মাজত এক বিৰল ঘটনা বুলি বিবেচিত হৈছে।
সংবাদ মাধ্যমৰ ভূমিকা আৰু ট্ৰাইবেল সমাজ , ফৰেষ্ট ডুৱেলাৰ এক্ট-২০০৬, জনজাতীয় মাটি আৰু ৰাজনীতি, যুৱ সমাজ, শিক্ষা আৰু ভৱিষ্যত দৃষ্টিভঙ্গী আদিকে ধৰি ১৬ টা বিষয়বস্তুৰ ওপৰত ভাগে ভাগে অনুষ্ঠিত হোৱা আলোচনাচক্ৰত কোকৰাঝাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, বিশিষ্ট সাংবাদিক ক্ৰমে অৰ্ণব গোস্বামী, ৰীতা ভৰালী তালুকদাৰ, প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, সাহিত্য একাডেমী বঁটা প্ৰাপ্ত ক্ৰমে ড° মংগল সিং হাজোৱাৰী, অঞ্জলি বসুমতাৰী, উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰাপ্ত নিকেতু ইৰালুকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যাক্তিয়ে আলোচনাচক্ৰত অংশগ্ৰহণ কৰে।
-
বাহিৰে ৰং-চং, ভিতৰি কোৱাভাতুৰী। বিটিচিক লৈ অসন্তুষ্টি প্ৰকাশ এবছুৰ প্ৰতিষ্ঠাপক উপসভাপতি সুভাষ বসুমতাৰীৰ।
'জনগোষ্ঠীয় অস্তিত্বঃ অতীত-বৰ্তমান আৰু ভৱিষ্যত' সম্পৰ্কত অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত অংশগ্ৰহণ কৰি ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে বড়োসকলৰ অাত্ম নিয়ন্ত্ৰণৰ সংগ্ৰামক ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে। ১৬ খনকৈ আলোচনাচক্ৰ অনুষ্ঠিত হোৱাৰ পিছত বিয়লি দুই বজাৰ পৰা মুকলি প্ৰতিনিধি সভা অনুষ্ঠিত হয়।
এবছুৰ সভাপতি প্ৰমোদ বড়োৰ অাদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা উক্ত প্ৰতিনিধি সভাত বিগত ৫০ বছৰ ধৰি এবছুৰ নেতৃত্ব বহন কৰি অহা এবছুৰ প্ৰতিষ্ঠাপক উপসভাপতি, প্ৰতিষ্ঠাপক সদস্য, এবছুৰ নেতা-কৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয়। মহামিলনৰ প্ৰতিনিধি সভাত সম্বৰ্ধনা গ্ৰহণ কৰি এবছুৰ উপসভাপতি সুভাষ বসুমতাৰীয়ে বড়ো জাতি অদ্যপি ঐক্যবদ্ধ হব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি কয় যে বিটিচি সন্দৰ্ভতো নেতিবাচক মন্তব্য আগবঢ়াইছে।
৭২ বছৰীয়া প্ৰতিষ্ঠাপক উপ-সভাপতিগৰাকীয়ে কয় যে বিটিচি প্ৰকৃততে ওপৰে ৰং-চং ভিতৰি কোৱাভাতুৰীৰ লেখীয়া। বিটিচিক লৈ সন্তুুষ্ট বুলি কলে ভুল কোৱা হব বুলি মন্তব্য কৰি দিল্লীত বা অইন অইন ঠাইত বডোলেণ্ড অতিথিশালা আছে যদিও বিটিচিৰ উত্তৰাঞ্চলতে খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে বুলি মন্তব্য কৰিছে।
প্ৰকৃততে বিটিচি বাহিৰে হে ৰং-চং বুলি মন্তব্যৰে যি উদ্দেশ্য লৈ এবছুৰ জন্ম হৈছিল সেয়া অদ্যপি অপূৰ্ণ হৈয়ে থকাটো দুখজনক আৰু পৰিতাপৰ বিষয় বুলি মন্তব্য প্ৰদান কৰিছে সুভাষ বসুমতাৰীয়ে। কাইলৈ অনুষ্ঠিত হ'বলগীয়া অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মেগছেছে বঁটা বিজেতা অৰুণা ৰয়, নেপালৰ প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা শ্ৰীকৃষ্ণ অনিৰুদ্ধ গৌতমকে ধৰি বহুকেইগৰাকী বিশিষ্ট অতিথিয়ে।