মৰিয়নীঃ মৰিয়নীৰ ভেলুগুৰিত দেওবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়। বলেৰপিক আপৰ খুন্দাত নিহত হয় স্কুতী আৰোহী।

দেবজিৎ বৰা নামৰ এজন স্কুতি আৰোহীক খুন্দা মাৰে বলেৰ পিকআপ বাহনখনে৷ মৰিয়নীৰ ধোদৰ আলিৰ চামতলত সংঘটিত হয় এই দুৰ্ঘটনাটো। থিতাতে নিহত স্কুতি চালক দেবজিৎ বৰা।

ক্ষুদ্ধ ৰাইজৰ বলেৰ’ পিকআপ বাহনখন ভঙাৰ লগতে অগ্নিসংযোগৰ প্ৰচেষ্টা কৰে৷ কেচাঁ পাত কঢ়িওৱা বলৰে পিক আপখনৰ চালকজন সুৰাপান কৰি এই দূৰ্ঘটনাটো সংঘটিত কৰাৰ অভিযোগ কৰে স্থানীয় লোকে। দূৰ্ঘটনাটো সংঘটিত হোৱাৰ ক্ষন্তেক সময়ৰ পাছত দেবেৰাপাৰৰ আৰক্ষী উপস্থিত হৈ বলেৰ’ পিকআপ বাহনখন জব্দ কৰে৷ 

যদিও ক্ষুদ্ধ ৰাইজে বলেৰ’ পিকআপখন জ্বলাই দিবলে উদ্যত হয়। লগতে মৃতদেহ নিবলৈ বুলি দেবেৰাপাৰৰ অহা ৰক্তিম বাহনখনৰ চালকক উত্তেজিত ৰাইজে আক্ৰমণ কৰে৷ অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত উত্তপ্ত পৰিস্থিতি কিছু সময়ৰ বাবে শাম কাটে।