গুৱাহাটীঃ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ পৰা শীঘ্ৰে উঠাই দিয়া হ’ব স্পীড ব্ৰেকাৰ। কেন্দ্ৰ চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI) -এ সদৰী কৰিছে শেহতীয়া এই সিদ্ধান্তৰ কথা।
টোলগেটৰ বাবে FASTags ব্যৱস্থা বাধ্যতামূলক কৰাৰ পিছত নতুন বছৰটোত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ এই সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে বিবেচিত হৈছে। এক বিবৃতিত পৰিবহণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে অনাহক দুৰ্ঘটনা ৰোধৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
'ইতিমধ্যে টোলপ্লাজাসমূহত FASTag ব্যৱস্থা সংলগ্ন কৰা হৈছে। গাড়ী ৰখাই নগদ ধন সংগ্ৰহ কৰা টোলপ্লাজাসমূহকো উন্নীতকৰণ কৰাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। গতিকে এতিয়া আৰু ৰাষ্ট্ৰীয় ঘাইপথত স্পীড ব্ৰেকাৰ বা ৰাম্বল ষ্ট্ৰীপৰ কোনো প্ৰয়োজন নাই। সেয়ে দেশৰ সকলো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাড়ীসমূহে ক্ষিপ্ৰতাৰে চলাচল কৰিব পৰাকৈ স্পীড ব্ৰেকাৰসমূহ উঠাই দিয়া হ’ব।’-বিবৃতিটোত এইদৰে উল্লেখ কৰিছে পৰিবহণ মন্ত্ৰণালয়ে।
ৰাষ্ট্ৰীয় ঘাইপথত স্পীড ব্ৰেকাৰ উঠাই দিয়াৰ ফলত এম্বুলেন্স, বয়োবৃদ্ধ ব্যক্তি তথা নতুনকৈ গাড়ী চলাবলৈ শিকা চালকসকলে সন্মুখীন হৈ সমস্যা দূৰ কৰিব বুলিও মন্ত্ৰণালয়ৰ বিবৃতিটোত কোৱা হৈছে। ইয়াৰ লগতে যথেষ্ট পৰিমাণে সময় আৰু ইন্ধনো ৰাহি হ’ব।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা অধিকাংশ দুৰ্ঘটনাৰ বাবে দায়ী হৈছে জধে-মধে থকা স্পীডব্ৰেকাৰসমূহ। পৰিবহণ মন্ত্ৰণালয়ৰ তথ্য অনুযায়ী সমগ্ৰ দেশতে প্ৰতি বছৰে স্পীড ব্ৰেকাৰৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাত অতি কমেও ১০ হাজাৰ লোকৰ মৃত্যু হৈ আহিছে।
তথ্য অনুযায়ী স্পীড ব্ৰেকাৰৰ বাবে দেশত প্ৰতিদিনে ৰাষ্ট্ৰীয় ঘাইপথত ২৭টাকৈ দুৰ্ঘটনা সংঘটিত হয়। পৰিবহণ বিভাগে সংসদত দাখিল কৰা এক প্ৰতিবেদনত উল্লেখ থকা মতে ২০১৫ চনত ভাৰতত স্পীড ব্ৰেকাৰৰ বাবে সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ১১,০৮৪জন লোকে। ২০১৪ চনত এই সংখ্যা আছিল ১১,০৮৮ জন।
স্পীডব্ৰেকাৰৰ বাবে সৰ্বাধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত। এনে পৰিপ্ৰেক্ষিততে চৰকাৰে স্পীড ব্ৰেকাৰসমূহ উঠাই দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যদিও বিভিন্ন কাৰণত ইমানদিনে সেয়া সম্ভৱ হৈ উঠা নাছিল।
অসমতো ২০১৯ চনত চাৰিলেনযুক্ত ৩১ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভিন্ন স্থানত নতুনকৈ স্পীড ব্ৰেকাৰ স্থাপন কৰা দেখা গৈছিল। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা নলবাৰীলৈকে অতি কমেও ৫০টাৰো অধিক স্পীড ব্ৰেকাৰ স্থাপন কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে পথটোৰে অহা-যোৱা কৰা চালক আৰু যাত্ৰীসকলে।
আনহাতে ঘাইপথটোৰ নলবাৰী জিলাত স্থাপন কৰা স্পীডব্ৰেকাৰত সংঘটিত হৈছিল একাধিক ভয়াৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত বিগত বৰ্ষত প্ৰাণ হেৰুৱাইছিল কেবাজনো লোকে। এতিয়া নতুন সিদ্ধান্ত অনুযায়ী সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় ঘাইপথকেইটাৰ পৰা স্পীড ব্ৰেকাৰসমূহ উঠাই দিলে দুৰ্ঘটনা হ্ৰাস পোৱাৰ লগতে গাড়ীৰ চালক আৰু যাত্ৰীসকলে লাভ কৰিব যথেষ্ট সকাহ।