বোকাজানঃ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে আহ্বান জনোৱা সমগ্ৰ দেশ লকডাউনৰ সময়ত ৰাজ্যৰ স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰিছে। বিভিন্ন বিভাগৰ লগতে অসম আৰক্ষীয়েও কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা পালনেৰে দিন-ৰাতি একাকাৰ কৰি এই ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰস্তুতি তথা সতৰ্কতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে নিজ কৰ্তব্য আৰু দায়িত্ব সুচাৰুৰূপে পালন কৰি অহা পৰিলক্ষিত হৈছে।
কৰ'না যুঁজৰ এই স্পৰ্শকাতৰ আৰু জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন তথা সেৱা আগবঢ়াই অহা অসম আৰক্ষীৰ বিভিন্ন স্তৰৰ বিষয়া-কৰ্মচাৰী-জোৱানসকল কিন্তু প্ৰকৃততে প্ৰশংসাৰ পাত্ৰ। দিনৰ প্ৰায় ২৪ ঘণ্টাই ব্যস্ত থাকিব লগা হোৱা আৰক্ষী বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী-জোৱানসকলৰ মান-সন্মান আৰু কষ্টক ধূলিস্যাৎ কৰি আজি নিজ কৰ্তব্য পালন কৰি থকা সময়ত এগৰাকী আৰক্ষী বিষয়াক এজন উদণ্ড যুৱকে প্ৰহাৰ কৰা ঘটনাই বোকাজানত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি বোকাজান আৰক্ষী থানাৰ আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াই আজি থানাৰ সন্মুখত মটৰচাইকেলত হেলমেট পৰিধান নকৰা আৰোহী আৰু মাস্ক পৰিধান নকৰা লোকৰ বাবে নাকা তালাচী গঢ়ি তুলিছিল। কিছু অসচেতন লোকৰ বাবে নাকা তালাচী চলি থকাৰ সময়তে মটৰচাইকেলত হেলমেট পৰিধান নকৰা এজন যুৱকক জৰিমনা বিহিছিল আৰক্ষীয়ে। কিন্তু মটৰচাইকেলখন জৰিমনা বিহা যুৱকজনৰ নাছিল। মটৰচাইকেলখন আছিল বোকাজান আৰক্ষী থানাৰে সন্মুখৰ নিবাসী তথা চৰকাৰী গাওঁবুঢ়া অমিত মেচ ওৰফে মদন নামৰ লোকজনৰ।
জৰিমনা বিহাক লৈ মটৰ চাইকেলখনৰ গৰাকী অমিত মেচ ওৰফে মদনে নাকা তালাচী চলাই থকা স্থানলৈ আহি আজি দেওবাৰৰ দিনটোত বহু ঠাইত দোকান-পোহাৰ খোলা থকা বুলি অভিযোগ তুলি আৰক্ষীয়ে উক্ত খোলা দোকানসমূহ বন্ধ কৰাৰ পৰিৱৰ্তে থানাৰ সন্মুখত হেলমেট, মাস্কৰ নাকা-তালাচী চলোৱাতো কিমান যুক্তি সংগত বুলি আৰক্ষী বিষয়াজনৰ লগত তৰ্ক যুদ্ধত লিপ্ত হয় আৰু পৰৱৰ্তী সময়ত অমিতে প্ৰহাৰ কৰে চৰণ মোহন চেতিয়াক। কৰ্তব্যৰত আৰক্ষী বিষয়াক প্ৰহাৰ কৰাৰ লগে লগে থানাৰ সন্মুখত এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদণ্ড যুৱক অমিত মেচক কৰায়ক্ত কৰি থানালৈ আনিব লওতেই অমিত মেচৰ পত্নীয়েও আৰক্ষীৰ সন্মুখতে উপৰ্যুপৰি আক্ৰমণ কৰে আৰক্ষী বিষয়া চৰণ মোহন চেতিয়াক।
ইতিমধ্যে আৰক্ষীয়ে অমিত মেচ আৰু তেওঁৰ পত্নীক আটক কৰি তেওঁলোকৰ বিৰুদ্ধে 58/20 IPC 294/353/333/506-34 ধাৰাত এক গোচৰ পঞ্জীয়ন কৰা বুলি জানিবলৈ দিয়ে। আনহাতে এই যুৱকজনৰ বিৰুদ্ধে ঘৰতেই গুদাম নিৰ্মাণ কৰি অবৈধভাৱে ট্ৰাঞ্চপৰ্টৰ ব্যৱসায় চলাই অহাৰো এক দীৰ্ঘদিনীয়া অভিযোগ আছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অমিত মেচৰ ঘৰত তালাচী চলাই এটা গুদাম ঘৰ প্ৰত্যক্ষ কৰে আৰু উক্ত ট্ৰেঞ্চপৰ্ট গুদামৰ নথি-পত্ৰ চাব বিচৰাত যুৱকজনে কোনো বৈধ নথি-পত্ৰ আৰক্ষীক দেখুৱাব নোৱাৰাত আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ দণ্ডাধীশৰ লগত যোগাযোগ কৰা বুলি বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াই জানিবলৈ দিয়ে।
আনহাতে চৰকাৰী গাওঁবুঢ়াৰূপী অমিতক কালি তেওঁৰ অধীনৰ অঞ্চলত ৭৮ টা পৰিয়ালক চৰকাৰী চাউল বিতৰণ কৰিবলৈ বোকাজান মহকুমাধিপতি কাৰ্যালয়ৰ পৰা চাউল যোগান ধৰা হৈছিল। পৰিয়ালসমূহক অমিতে চাউল বিতৰণ কৰাৰ পাছতো কিন্তু তেওঁৰ ঘৰত চাউলৰ কেইবাটাও বস্তা মজুত থকা আজি দণ্ডাধীশে প্ৰত্যক্ষ কৰে আৰু উক্ত চাউল অমিত মেচে আত্মসাৎ কৰিব বিচাৰিছিল বুলিও বিভিন্ন স্তৰত অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, স্থানীয় ৰাইজে আৰক্ষী আৰু অমিত মেচৰ মাজৰ আজিৰ উক্ত ঘটনাৰ আৰত আন কোনো ৰহস্য থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে আৰু ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে।