বোকাজানঃ এজনো কৰ'নাক্ৰান্ত নথকা তিনি পাৰ্বত্য জিলাত অস্বাভাৱিকভাবে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কৰ'না পজিটিভৰ সংখ্যা৷ কালি বোকাজানত দুজনকৈ লোক ক'ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পিছত আজি পুনৰ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত আন দুজন লোক ক'ভিড-১৯ত আক্ৰান্ত বুলি স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰাৰ পিছতে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
ক'ভিড আক্ৰান্ত লোক দুজন বকলীয়াঘাটৰ ৰুকাচেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেণ্টাইন হৈ থকা বুলি জানিব পৰা গৈছে৷ নতুনকৈ আক্ৰান্ত যুৱক দুজন ক্ৰমে, তাৰাবাছাৰ ৰাজীৱ তেৰাং (২৪) আৰু মিৰ্দু পথাৰ মুৰা গাঁৱৰ বালা বাগলাৰী (২১) বুলি চিনাক্ত কৰা হৈছে৷
ইয়াৰে ৰাজীৱ তেৰাঙ হায়দৰাবাদৰ পৰা অহাৰ বিপৰীতে বালা বাগলাৰী আহিছিল চেন্নাইৰ পৰা৷ দুয়ো ২১ মে'ত অসমলৈ অহাৰ পিছত ২২ মে'ৰ পৰা বকলীয়াঘাটত কোৱাৰেণ্টাইন হৈ আছিল৷
দুয়োৰে দেহত কৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত দুয়োকে চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পুৰণি বিল্ডিঙৰ কৰ'না চিকিৎসা কোষলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়৷ উল্লেখ্য যে, ইয়াকে লৈ তিনি পাৰ্বত্য জিলাত কৰ'নাত আক্ৰান্তৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পাইছে৷
ইয়াৰে কাৰ্বি আংলংত ৬ জন, পশ্চিম কাৰ্বি আংলঙত ৪ জন আৰু ডিমা হাচাওত ৭ জন৷ আনহাতে পাৰ্বত্য জিলা তিনিখনৰ বৰ্দ্ধিত কৰ'না ৰোগীৰ খবৰে জিলাখনৰ জনসাধাৰণৰ মাজত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হৈছে৷