গুৱাহাটীঃ ন্যায়লয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিৰ্ধাৰিত প্ৰ-পত্ৰৰ সৈতে পঞ্চায়তৰ নথি গাঠি দিয়া প্ৰায় ২৯.৬৯ লাখ লোকক এৰি ১৭.৪০ লাখ লোকৰ হে নাম এনআৰচিত অন্তৰ্ভুক্ত কৰাৰ অনুমতি প্ৰদান কৰাৰ পিছতে ৰাজ্যৰ কেইবাখনো জিলাত বিষয়টোৱো ব্যাপক চৰ্চালৈ আহিছে৷ সংবাদ মাধ্যমত এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যৰ একাংশ ঠাইৰ চ’ক-বজাৰত ব্যাপক চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷বিশেষকৈ ধুবুৰী, গোৱালপাৰা, হোজাই, নগাঁও জিলাৰ কিছু অংশ, মঙলদৈ জিলাৰ কিছু অংশ, কোকৰাঝাৰ জিলাৰ কিছু অংশত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, এনআৰচিত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে ৪৭.০৯ লাখ লোকে পঞ্চায়তৰ নথি দি আবেদন জনাইছিল৷ ইয়াৰে ১৭.৪০ লাখ হে অ’ৰিজিনেল ইন-হেবিটেন্ট হিচাপে গন্য কৰা হ’ব৷ ন্যায়লয়ে এনআৰচিত এইসকল লোকৰ নাম  অন্তৰ্ভুক্ত কৰাৰ সন্মতি প্ৰদান কৰে৷ সৰ্বমুঠ ৪৭.০৯ লাখ লোকে পঞ্চায়তৰ নথি দিছিল যদিও ২৯.৬৯ লাখ লোকৰ নাগৰিকত্বক সন্দেহ কৰা হয়৷ বৃহস্পতিবাৰে প্ৰকাশ পোৱা তথ্যত নাগৰিকত্বক সন্দেহ কৰা বেছি সংখ্যাকে মহিলা৷ ২৬.১৩ লাখ মহিলা তাকো বিবাহিত৷

নাগৰিকত্বক সন্দেহ কৰা অবিবাহিত মহিলাৰ সংখ্যা ১.২৪ লাখ আৰু পুৰুষ ২.৩২ লাখ৷ এই খবৰ এতিয়া বনজুইৰ দৰে বিয়পি পৰিছে ৰাজ্যৰ কিছু কিছু অঞ্চলত৷ পঞ্চায়তৰ নথি-পত্ৰ বৈধতা সন্দৰ্ভত ন্যায়লয়ে পৰবৰ্তি ১৫ নৱেম্বৰত শুনানি গ্ৰহণ কৰিব পাৰে বুলি জানিব পৰা গৈছে৷ ন্যায়লয়ে পঞ্চায়তৰ নথি সম্পৰ্কীয় গোচৰৰ প্ৰতিপক্ষ হ’ব খোজা প্ৰতিপক্ষৰ আবেদনো গ্ৰহণ নকৰাৰ কথা স্পষ্ট কৰে৷ আমছুৱে কিহৰ ভিত্তীত প্ৰকৃত বাসিন্দাৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘প্ৰকৃত বাসিন্দাৰ সংজ্ঞাক লৈ আজিও বিতৰ্ক অব্যাহত আছে৷

জাতীয় তথা জনগোষ্ঠীয় সংগঠনে সংজ্ঞা নিৰ্ধাৰণ কৰিব নোৱাৰাৰ পিছতো কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰিছে সেয়া চিন্তাৰ কথা’৷ আমছু আৰু জমিয়ত ই-উলেমা হিন্দে বাসিন্দাৰ প্ৰকৃত সংজ্ঞা আৰু কেনেদৰে নিৰ্ধাৰণ কৰা হৈছে এই সন্দৰ্ভত জানিবলৈ আদালতত আবেদন জনাব বুলি জৈানিব পৰা গৈছে৷ ইপিনে দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত তথা ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মৰ শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনে যথেষ্ট গুৰুত্ব লাভ কৰিছে৷ হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত ৰাজ্যৰ ৩৩ খন জিলাৰ ৬৩ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত পৰা বুলি প্ৰকাশ পোৱা বিষয়টোক গুৰুত্ব সহকাৰে লয় ৰাজ্যৰ জাতীয় দল-সংগঠন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে৷

ৰাজ্যৰ ৯০ শতাংশ খিলঞ্জীয়াৰ ম্যাদী মাটি নাই বুলি প্ৰকাশ পোৱাৰ লগতে বিদেশীয়ে নিশাৰ ভিতৰতে অসমত মাটি লাভ কৰে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছিল৷ এখন শুদ্ধ নাগৰিক পঞ্জী তথা ৰক্ষা কৱচৰ বাবে দীৰ্ঘকাল সংগ্ৰাম কৰা আছুৱে এনআৰচিৰ বিষয়টো উচ্চতম ন্যায়লয়ৰ আওতাত থকাৰ হেতুকে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ যথেষ্ট গুৰুত্বসহকাৰে প্ৰতিটো খোজ দিয়া পৰিলক্ষিত হৈছে৷ আছুৱে প্ৰতিটো বিষয় গুৰুত্বসহকাৰে নিৰীক্ষণ কৰাৰ লগতে খিলঞ্জীয়া নাগৰিকৰ ৰক্ষাৰ বাবে এনআৰচি ৰক্ষা কৱচ হ’ব লাগিব বুলি বৃহস্পতিবাৰে মতপোষণ কৰে। কেৱল ছাত্ৰ সন্থাই নহয় ৰাজ্যৰ আন আন জাতীয়-সংগঠন সমূহেও এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি অহা পৰলিক্ষিত হৈছে৷ আছু সহিতে ২৮ জনগোষ্ঠীয় সংগঠনে এনআৰচিত বিদেশীয়ে যাতে কোনো কাৰণত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ বাবে সকলো পক্ষকে সজাগ হৈ থাকিবলৈ আহ্বান জনাই আহিছে৷

সদৌ অসম ছাত্ৰ সন্থা নেতৃত্বত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ অসম ট্ৰাইবেল যুৱ লীগ, মিচিং মিমাগ কেবাং, সদৌ মিচিং ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ ডিমাছা ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মৰাণ ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, সদৌ অসম মদাহী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, এনচি হিলছ ইনডিজিনিয়াছ ষ্টুডেণ্টছ ফ’ৰাম, সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা, মেছ কছাৰী জাতীয় পৰিষদ, সদৌ অসম হাজং ছাত্ৰ সন্থাকে ধৰি মুঠ ২৯টা সক্ৰিয় ভুমিকা পালন কৰি আহিছে৷

এনআৰচিৰ বিষয়টো উচ্চতম ন্যায়লয়ৰ আওতাত থকাৰ বাবে এই সংগঠন সমূহে এনআৰচি সন্দৰ্ভত কোনো বক্তব্য প্ৰকাশ নকৰি ছাত্ৰ সংগঠন তথা জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ব আৰু জিলা-আঞ্চলিক পৰ্যায়ৰ নেতাসকলে প্ৰথমৰ পৰাই প্ৰ-পত্ৰৰ জমা কৰাৰ সময়ত নিজ নিজ অঞ্চলত চকু দি আহিছিল৷ সুদীৰ্ঘ কাল আছুৱে এখন শুদ্ধ নাগৰিক পঞ্জীৰ বাবে সংগ্ৰাম কৰি আহিছে৷ ৰাজপথ উত্তাল কৰি অহা আছু আৰু আন আন সংগঠন সমূহে যোৱা ২২ ছেপ্তেম্বৰত মহানগৰীৰ হোটেল প্ৰাগ কন্টিনেন্টেলত এক গুৰুত্বপূৰ্ণ আলোচনাতো মিলিত হয়৷ উক্ত আলোচনাত আছুৰ নেতৃত্বত ২৯ সংগঠনে প্ৰতিখন জিলাৰ উপায়ুক্তক একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিন্ধান্ত লয়৷

সিন্ধান্ত মৰ্মে ২৯ সংগঠনে উমৈহতীয়াভাবে ৫ দিন পুৰ্বে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি এনআৰচিত যাতে কোনো কাৰণতে অবৈধ নাগৰিকৰ নাম সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তক আহ্বান জনায়৷ তাৰ পিছতে সমুজ্জ্বল ভট্টচাৰ্যৰ নেতৃত্বত ২৯ সংগঠনৰ এটি নেতৃত্বই এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এনআৰচিত যাতে বিদেশীৰ নাম সোমাব নোৱাৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়৷

ইয়াৰ মাজতে থলুৱা-খিলঞ্জীয়া ইছলামধৰ্মী লোকসকলে অ’আই অৰ্থাৎ অ’ৰিজিনেল ইনহেবিটেন্ট হ’ব নে নাই তাক লৈও চৰ্চা আৰম্ভ হৈছে৷ যুগ যুগ ধৰি অসমত বসবাস কৰি অহা গৰিয়া, মৰিয়া, দেশী, মইমাল, জলহা আদি ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীত ভাগ ভাগ হৈ থকা ইছলামধৰ্মীসকলে অ’ৰিজিনেল ইনহেবিটেন্ট হ’ব নে নাই তাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে ৰাজ্যৰ খিলঞ্জীয়া ইছলামধৰ্মীয়ে শীঘ্ৰে গুৱাহাটী মহানগৰীৰ হাজি মোছাফিৰ খানাত একত্ৰিত হ’ব বুলি জানিব পৰা গৈছে৷ ছাত্ৰ সন্থাৰ আন্দোলনৰ এসময়ত নেতৃত্ব দিয়া অধিবক্তা নেকিবুৰ জামান, এলি আহমেদ, দল-সংগঠনৰ নেতা সহ ৰাজ্যৰ কেবাটাও দিশত বৰঙনি আগবঢ়োৱা কেইবাগৰাকী খিলঞ্জীয়া ইছলামধৰ্মী একত্ৰিত হ’ব বুলি জানিব পৰা গৈছে৷