newsnextone.com | জিটেল ডেস্কঃ জেডিএছৰ মুৰব্বী এইচ ডি কুমাৰস্বামীয়ে বুধবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব৷ ইতিমধ্যে শপত গ্ৰহণ অনুষ্ঠানত কৰ্ণাটকৰ জনসাধাৰণ সমবেত হ’বলৈ আৰম্ভ কৰিছে৷ বিধান সভাৰ ভৱনৰ সন্মুখৰ পথাৰত দেশৰ বিৰোধী দলৰ প্ৰায় কুৰিগৰাকী নেতা-নেত্ৰীৰ সন্মুখত শপত ল’ব কুমাৰস্বামীয়ে৷ ছোনীয়া গান্ধীৰ নৈশ ভোজৰ পিছত পুনৰ দেশৰ বিৰোধী একত্ৰিত হ’ব বুধবাৰে৷ 

কিন্তু এইবাৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ৷ কিয়নো কৰ্ণাটকৰ নিৰ্বাচনৰ পূৰ্বে আৰু ফলাফলৰ পিছত বিজেপিৰ বিৰুদ্ধে সমগ্ৰ বিৰোধীয়ে একত্ৰিত হৈ যুঁজ দিব লগা হৈছে৷ যাৰ ফলত বিৰোধীয়ে শাসকীয় দলৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ সুবিধা লাভ কৰিছে৷ কংগ্ৰেছ আৰু জেডিএছৰ বাবে দেশৰ সকলো বিৰোধী একত্ৰিত হোৱাৰ বাবে সুবিধা লাভ কৰিছে৷ বিজেপিৰ বিজয় যাত্ৰা ৰথ কৰিবলৈ কৰ্ণাটকৰ নিৰ্বাচনে বিৰোধীক একত্ৰিত হোৱাৰ সুবিধা প্ৰদান কৰিলে বুলি চৰ্চা হৈছে৷ কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলৰ পৰিস্থিতি আৰু আস্থা ভোটৰ পূৰ্বে বিজেপিয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ ঘটনাৰ পিছতে যেন বিৰোধীয়ে ২০১৯ৰ নিৰ্বাচনৰ বিজয় উৎসৱ এতিয়াৰ পৰাই পালন কৰিবলৈ আৰম্ভ কৰিলে৷ 

কংগ্ৰেছক সভাপতি ৰাহুল গান্ধী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত৷ খোদ কুমাৰস্বামীয়ে দিল্লীলৈ আহি ৰাহুল-ছোনীয়াক সাক্ষাৎ কৰে৷ মঙলবাৰেই বাংগালুৰুত উপস্থিত হয় তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জী৷ বুধাবৰে উপস্থিত হৈছে বিএছপিৰ মুৰব্বী কুমাৰী মায়াৱতী, আৰজেডি নেতা লালু পুত্ৰ তেজস্বী যাদৱ, অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু,  আম আদমি পাৰ্টিৰ নেতা, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মাকক্ল নিধি মাইয়ামৰ নেতা কামাল হাছান, চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, এছপি নেতা অখিলে সিং যাদৱ উপস্থিত থাকিব৷ একপ্ৰকাৰ কবলৈ গলে বিৰোধীৰ সভাত পৰিণত হ’ব শপত গ্ৰহণ অনুষ্ঠান৷