♦ ছবছৰত ৪০টা বন্যহস্তী-৯৭গৰাকী লোকৰ মৃত্যু

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ওদালগুৰি জিলাত ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তী আৰু মানুহৰ সংঘাতে। জিলাখনৰ উত্তৰাঞ্চলৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত প্ৰায় প্ৰতিদিনে হাতী আৰু মানুহৰ সংঘাতে নিদ্ৰা হৰণ কৰিছে উক্ত অঞ্চলত বসবাস কৰা লোকসকলক।

জিলাখনৰ ধনশিৰি বন সংমণ্ডলৰ অন্তৰ্গত ৭০৯০.২০ হেক্টৰ ভূমিৰে আৱৰা খালিংদুৱাৰ, ৭৭৪২ হেক্টৰ ভূমিৰে আৱৰা ৰৌতা আৰু ২৪৪০.৭৫ হেক্টৰ ভূমিৰে আৱৰা ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চল আছে। লগতে ৯৯২ হেক্টৰ ভূমিৰে আৱৰা কুণ্ডৰবিল, ৩৫৪৩ হেক্টৰ ভূমিৰে আৱৰা ভৈৰৱকুণ্ড আৰু ৫৬৮ হেক্টৰ ভূমিৰে আৱৰা নেউলী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ উপৰিও ২৬২১.৮১৩ হেক্টৰ ভূমিৰে আৱৰা এখন বৰনদী বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল আছে।

কিন্তু বৰ্তমান সময়ত এই সংৰক্ষিত বনাঞ্চলসমূহত দেখা গৈছে অবৈধ বেদখল। কেৱল এয়াই নহয়, বনাঞ্চলসমূহৰ মাজেৰে হাতী অহা-যোৱা কৰা পথসমূহো বেদখল কৰি তাত চাহ বাগানকে ধৰি অন্য কাৰ্যত ব্যৱহাৰ কৰা দেখা গৈছে। ফলত পাহাৰৰপৰা নামি অহা হাতীৰ জাকে পথত থকা বাসগৃহ তথা কৃষিপথাৰসমূহ তহিলং কৰা দেখা যায়। অৱশেষত হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে।

এই সংঘাতৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হৈছে মানুহৰ লগতে বন্যহস্তীয়েও। বিগত প্ৰায় ছয় বছৰত এই সংঘাতৰ ফলত ৪০টাকৈ বন্যহস্তী আৰু ৯৭ গৰাকী লোকৰ মৃত্যু হৈছে। লগতে উক্ত ছয় বছৰত ৩,২৮৩টা বাসগৃহৰ লগতে ১,৪৭০ হেক্টৰ কৃষিভুমি বিনষ্ট হৈছে। সেই অনুসৰি ২০১৩ চনত ১০টা বন্যহস্তী, ১৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১,০৫৩টা বাসগৃহ আৰু ২১০ হেক্টৰ কৃষিভূমি বিনষ্ট হৈছিল। ২০১৪ চনত ৭টা বন্যহস্তী, ২৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৫০টা বাসগৃহ আৰু ৩৯০ হেক্টৰ কৃষিভুমি বিনষ্ট হৈছিল। ২০১৫ চনত ৫টা বন্যহস্তী, ২১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪২০টা বাসগৃহ আৰু ৩২০ হেক্টৰ কৃষিভুমি বিনষ্ট হৈছিল। ২০১৬ চনত ৬টা বন্যহস্তী, ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৫০টা বাসগৃহ আৰু ৪৫ হেক্টৰ কৃষিভুমি বিনষ্ট হৈছিল। ২০১৭ চনত ৮টা বন্যহস্তী, ৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৮০টা বাসগৃহ আৰু ২৬০ হেক্টৰ কৃষিভুমি বিনষ্ট হৈছিল। আনহাতে ২০১৮ চনৰ আজি পৰ্যন্ত ৪টা বন্যহস্তী, ১৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪৩০টা বাসগৃহ আৰু ২৪৫ হেক্টৰ কৃষিভুমি বিনষ্ট হৈছে।

এনে হাতী-মানুহৰ সংঘাতে ক্ৰমাৎ ভয়াৱহ ৰূপ লোৱাৰ সময়তে বিমোৰত পৰিছে বন বিভাগ। বিভাগটোৰ হাতত নাই পৰ্যাপ্ত বনকৰ্মী। ধনশিৰি বন সংমণ্ডলৰ বন বিষয়া মাধুৰ্য কুমাৰ শৰ্মাক এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে বন বিভাগে সাধ্য অনুসৰি বন্যহস্তীৰপৰা জনসাধাৰণৰ প্ৰাণ-সম্পত্তি ৰক্ষাৰ বাবে চেষ্টা চলাই আছে। কিন্তু সংৰক্ষিত বনাঞ্চলসমূহত অবাধ হাৰত হোৱা বেদখলৰ বাবে বন্যহস্তীসমূহে নতুন নতুন স্থানলৈ গতি কৰিবলৈ বাধ্য হৈছে। ফলত গতিপথত থকা বাসগৃহকে ধৰি কৃষিভুমি পালে খাদ্যৰ বাবে সেইবোৰ খাই তহিলং কৰে।

এইক্ষেত্ৰত ৰাজ্যৰ বনমন্ত্ৰী গৰাকীয়েও নীৰৱ ভূমিকা পালন কৰা দেখা। ৰাজ্যত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ লোৱাৰ পাছতো বনমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ভুক্তভোগী লোকসকলে বনবিভাগক ধিক্কাৰ দিছে।