newsnextone.com | মৰিয়নী/শিৱসাগৰঃ ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত তথা এদিন পিছতেই পুনৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷

প্ৰায় ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হোৱাত ৰেল প্ৰশাসন আৰু অসমৰ প্ৰশাসন সষ্টম হৈ পৰে৷

ইতিমধ্যে তিনিচুকীয়াৰ পৰা দুজন লোকক অসম আৰক্ষীৰ সহযোগত সোধপোছৰ বাবে আটক কৰে ৰেল আৰক্ষীয়ে৷ আটকাধীন লোক দুজনক সোধপোছ অব্যাহত থকা বুলি জানিব পৰা গৈছে৷ যোৱা দুদিনত চলন্ত ৰে’লত যুৱতী-মহিলাক হত্যাৰ ঘটনা সন্দৰ্ভত চিচিটিভিৰ ফুটেজৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

ৰাধা কুমাৰী আৰু লালীমাই দেৱীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে বিকাশ দাস নামৰ লোকজনক। দুয়োটা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। বিকাশ দাসক মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পৰা যায়। এবছৰ পূৰ্বে অনুৰূপ ধৰণে নিজ পত্নীক হত্যা কৰিছিল । কিছুদিন পূৰ্বে কাৰাগৰৰ পৰা মুকলি হৈ আহিছিল ।

আনহাতে ৰাজ্যৰ প্ৰশাসনে পশ্চিম বংগৰ প্ৰসিদ্ধ স্কেচ শিল্পী দেৱাশিষ বেনাৰ্জীক অসমলৈ মাতি আনি স্কেচ অংকন কৰে৷ বৃহস্পতিবাৰে পুৱাই শিৱসাগৰত উপস্থিত হয় দেৱাশিষ বেনাৰ্জী। যোৰহাট বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰীৰ ঘৰত পৰিয়ালৰ সদস্যৰ সন্মুখত হত্যাকাৰীৰ স্কেচ অংকন কৰে৷ ছাত্ৰী ৰাধা কুমাৰীৰ মাতৃ তাৰা দেৱীয়ে দিয়া বৰ্ণনাক ভিত্তি কৰি পশ্চিম বংগৰ প্ৰসিদ্ধ স্কেচ শিল্পী দেৱাশিষ বেনাৰ্জী অংকন কৰে সন্দেহজনক হত্যাকাৰীৰ ছবি। 

ইপিনে ১১ জুলাইত মৰিয়নী জংচনত অবধ আসাম এক্সপ্ৰেছত উদ্ধাৰ হোৱা লালীমাই দেৱীৰ হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে৷ বুধবাৰে মাজনিশা মৰিয়নী ৰে’ল জংচনত চিআইডিৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্নিফাৰ ডগৰ সহায়ত ফৰেনছিক বিশেষজ্ঞ সহ দলটোৱে লালীমাই দেৱী হত্যাকাণ্ডৰ তদন্ত চলায়। অবধ আসাম এক্সপ্ৰেছত ডিঙিত গামোচা বান্ধি থোৱা অৱস্থাত অৰ্ধ উলংগ লালীমাইৰ মৃতদেহ উদ্ধাৰ হৈছিল৷