ওদালগুৰিঃ ওদালগুৰি জিলাৰ মাজবাটত আৰক্ষীৰ অভিযানত গ্ৰেনেডসহ এজন লোক ধৰা পৰে৷ ধৃত লোকজন হৈছে মাজবাটৰ আনোৱাৰ হুছেইন। লোকজনৰ ঘৰৰ পৰা দুটাকৈ গ্ৰেণেড উদ্ধাৰ কৰে আৰক্ষীয়ে।

মাজবাট আৰক্ষীয়ে সেনাৰ সৈতে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

দেশৰ ৭০সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত এনেদৰে গ্ৰেণেড উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ ওদালগুৰি জিলাৰ লগতে মাজবাটত অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।