newsnextone.com | মৰিয়নীঃ ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত তথা এদিন পিছতেই পুনৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্য অব্যাহত থকাৰ সময়কে চলন্ত বাছত এগৰাকী যুৱতীক শ্লীলতা হানিৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে৷

জানিব পৰা মতে, বৃহস্পতিবাৰে এগৰাকী যুৱতীয়ে গুৱাহাটীৰ বাছেৰে যোৰহাটলৈ আহে৷ চলন্ত বাছখনত যুৱতীৰ শ্লীলতা হানিৰ অপচেষ্টা কৰিছিল এগৰাকী যুৱকে। গাড়ীৰ ভিতৰত ভয়ে ভয়ে যোৰহাট আই এছ বি টি পায় যুৱতীয়ে৷ তাৰ পিছতে মাতৃয়ে আগবঢ়াই নিব অহাৰ সময়তে যুৱতীয়ে ঘটনাৰ বিষয়ে মাতৃক অৱগক কৰে৷ যুৱতীগৰাকীয়ে মাকক সবিশেষ কোৱাত পোহৰলৈ আহে ঘটনা। ততাতৈয়াকৈ মাতৃয়ে গাড়ীৰ ওচৰলৈ আহি বাছৰ পৰা নমাৰ সময়তে কেইগৰাকীমান লোকৰ সহায়ত আৱদ্ধ কৰে যুৱকজনক। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা যুৱকজনক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে৷