তেজপুৰঃ শোনিতপুৰ জিলাৰ চাৰিদুৱাৰত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হয়৷ চৰিদুৱাৰৰ ১২ মাইলত ভালুকপুং দিশৰ পৰা ML-05-L-8006 নম্বৰৰ বাইকেৰে বালিপৰালৈ আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে৷

ফলত প্ৰেম থিল্লে পাদু নামৰ লোকজনৰ মৃত্যু হয়৷ গুৰুতৰ ভাৱে আহত হয় নিহাল ছেত্ৰী নামৰ অান এজন যুৱক। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনে। গুৰুতৰভাবে অাহত নিহাল ছেত্ৰীক তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হয়৷