newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তত বিগত কেইমাহমানৰ বিভিন্ন অসামাজিক কাৰ্যকলাপ সঘনে সংঘটিত হৈ থকাৰ সময়তে জুৰীয়া আৰক্ষী থানাৰ  অন্তৰ্গত শিমলুআটিত এগৰাকী লোকৰ মৃতদেহ ৰহস্যজনক ভাৱে উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ থকা লোকগৰাকীয়ে অৱশেষত মৃতদেহ হৈ ঘৰলৈ আহে। 

ঘটনাৰ বিৱৰণী মতে, শিমলুআটি নিবাসী প্ৰয়াত আব্দুল গফুৰৰ পুত্ৰ জয়নাল আৱদিন(৭০) যোৱা বৃহস্পতিবাৰে  ঘৰৰ পৰা তবলীগী জামাতত লগৰীয়াৰ লগত দগাঁৱৰ নিকটৱৰ্তী কান্দলীমাৰী জামে মছজিদলৈ গৈছে। কিন্তু ধৰ্মীয় অনুষ্ঠানৰ বাবে কান্দলীমাৰী জামে মছজিদত উপস্থিত হোৱা জয়নাল আশ্চৰ্যজনকভাবে শুকুৰবাৰে সকলো ঠাইতে বিচাৰ-খোচাৰ কৰে যদিও জয়নালৰ কোনো সম্ভেদ নোলাল ৷ 

এনেদৰে বিচাৰ-খোচাৰ কৰি থকাৰ মাজতে দেওবাৰে দিনৰ প্ৰায় ৪ বজাত ৰহস্যজনক ভাৱে জয়নালৰ মৃতদেহ দগাঁৱৰ নিকটৱৰ্তী  চামদৰা ৰেল লাইনৰ  কাষত উদ্ধাৰ হয়। জানিব পৰা মতে,পুৱা পথাৰত কৃষি কামৰ যোৱা লোকে মৃতদেহটো ৰেল লাইন কাষৰ জংঘলৰ মাজত প্ৰত্যক্ষ কৰে ৷ 

লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তদন্ত কৰি মৃতদেহটো  মৰণোত্তৰ পৰীক্ষাৰ বাবে  নগাঁও ভোগেশ্বৰী ফুকননী  অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। 

স্থানীয় লোকৰ পৰা জানিব পৰা মতে, যোৱা কিছুদিনৰ পৰা জয়নাল কিছু পৰিমাণে মানসিকভাবে বিকাৰগ্ৰস্ত আছিল। ইফালে, মৃত জয়নালৰ পৰিয়ালৰ লগতে স্থানীয় একাংশ লোকে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ ব্যক্ত কৰিছে ৷