newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ জাগুনত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে। সেনা আৰক্ষীয়ে প্ৰতিটো দিনেই সীমান্তৰ পাহাৰত  উগ্ৰপন্থী বিৰোধী অভিযান চলাই অহা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে নিশাৰে পৰা চলা সেনা-আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান ২৪ ঘণ্টাৰ অন্তত সামৰণি পেলাইছিল। ২৪ ঘণ্টীয়া অভিযান কালত বৃহস্পতিবাৰে নিশা ৩ জন এনডিএফবি কেডাৰ জালত পৰাৰ লগতে শুকুৰবাৰে পুৱাই এগৰাকী এনএছচিএন কেডাৰক জালত পেলাবলৈ সক্ষম হৈছিল নিৰাপত্তাৰক্ষীয়ে।

তাৰ পিছতে শনিবাৰে পুৱাৰে পৰা পুনৰ চলে সেনা-আৰক্ষীৰ অভিযান। অসম আৰক্ষী, সেনাৰ ১৩নং অসম ৰাইফলচ আৰু সেনাৰ শিখ ৰেজিমেণ্টে শনিবাৰে পুৱাৰে পৰা  চলোৱা অভিযানত জাগুনৰ লাকলাৰ টংকপানী এলেকাৰ পৰা এজন সন্দেহজনক এন এছ চি এনৰ  লিংকমেনক আটক কৰিবলৈ সক্ষম হয় ৷

ফিম চাংকে (৫২) নামৰ এনএছচিএন কেডাৰজনে ১৯৯৬ চনতে এন এছ চি এনত (কে) যোগদান কৰি ম্যানমাৰত প্ৰশিক্ষণ লৈ পৰৱৰ্তী সময়ত সংগঠনটোৰ কপৰেল পদত কাম কৰি আছিল বুলি জানিব পৰা যায়৷ ২০১১ চনতোঁ অৰুণাচলৰ খুনছাত ১৯নং অসম ৰাইফলচৰ হাতত  আত্মসমৰ্পন কৰাৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে ফিম চাংকে৷ 
জাগুন আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৭৪/২০১৮ ইউ/এছ ১২০বি/১২১/১২১/১০/১৩ নম্বৰত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷ 

উল্লেখ্য যে, ৪৮ ঘণ্টাৰ ব্যৱধানত ৫ জনকৈ উগ্ৰপন্থী সেনা-আৰক্ষীয়ে আটক কৰাৰ ঘটনাই এলেকাটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অনাগত ১৫ আগষ্টৰ পূৰ্বেই নিৰাপত্তাৰক্ষীয়ে লাভ সফলতাৰ চৰ্চাও আৰম্ভ হৈছে।