newsnextone.com | লিডুঃ উজনি অসমত ড্ৰাগছ, ধোৱা বিহীন ধপাত, মদৰ অবাধ প্ৰচলন অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ দিনক দিনে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে ধপাত, ড্ৰাগছ, ধোৱা বিহীন ধপাতৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাই ৰাইজক সচেতন কৰাৰ চেষ্টা চলাই গৈছে যদিও তেনে সময়তে উজনি অসমৰ কেইবাখনো জিলাৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ব্যাপক প্ৰচলনে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ 

বৰবিহ স্বৰূপ ড্ৰাগছে কোঙা কৰি পেলাইছে জিলাকেইখনৰ অলেখ যুৱকক৷ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ তাৰ মাজতে তিনিচুকীয়াত জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। জীৱন ধ্বংস কৰা এটি বৃহৎ চক্ৰই বহু প্ৰভাৱশালী লোকৰ সৈতে মিলি এই ব্যৱসায় কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷

তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ জাগুন, লেখাপানী, টিপং আদি জনগোষ্ঠীয় এলেকাত সম্প্ৰতি একাংশ অসাধু চক্ৰই আৰক্ষী প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ 

তাৰ মাজতে, তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত লাকলা কাৰপম গাঁৱত বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই ৫০ গ্ৰাম ব্ৰাউন চুগাৰ সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ দুলো বৰুৱা নামৰ লোকজনে এলেকাটোত ড্ৰাগছ সৰবৰাহ কৰা থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল আৰু আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছতোঁ বৰুৱাই এই কথা স্বীকাৰ কৰে৷

জব্দ কৰা ড্ৰাগছৰ মূল্য প্ৰায় ৭ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৰ জাগুন, লেখাপানী, মাৰ্ঘেৰিটা আদি জনগোষ্ঠীয় এলেকাত পূৰ্বেও আৰক্ষীয়ে অভিযান চলাই বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিওঁ অবৈধ বেহা আজিও চলি আছে৷

উল্লেখ্য যে, এটি অসাধু চক্ৰই ড্ৰাগছ কানিৰ অবাধ হাৰত প্ৰচলন কৰি আহিছে মাৰ্ঘেৰিটা, কেটেতেং, ইমথেম, নগাপথাৰ, নংলাই, ডিবঙকে ধৰি লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত নিংগাম, টাইফেকে আদি জনগোষ্ঠীয় প্ৰধান অঞ্চলসমূহত৷ স্থানীয় আৰক্ষী-প্ৰশাসন থকাৰ পিছতো কানি-গাঞ্জাৰ দৰে মাৰাত্মক নিচাজাতীয় দ্ৰব্য সমূহৰ ৰমৰমীয়া বেহা কেনেদৰে চলিছে তাক লৈ চিন্তিত নাগৰিক সমাজ৷ ড্ৰাগছ, কানি-গাঞ্জাৰৰ দৰে নিচাজাতীয় সামগ্ৰীৰ এখন বৃহৎ বজাৰ গঢ়ি উঠিছে।