newsnextone.com।তামুলপুৰঃ  তামুলপুৰ মহকুমাৰ অন্তৰ্গত পশ্চিম তামুলপুৰ সূৰ্যোদয় ক্লাৱৰ সৌজন্যত ৩ আৰু ৪ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম তিথি উপলক্ষে আয়োজিত ৩৫ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

ক্লাৱৰ সভাপতি গোপেশ্বৰ কলিতা আৰু সাধাৰণ সম্পাদক সোণেশ্বৰ কলিতাই জনোৱা মতে ৩ ছেপ্টেম্বৰত পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব ক্লাৱৰ সভাপতি গোপেশ্বৰ কলিতাই। স্মৃতি তৰ্পন কৰিব সদৌ তামুলপুৰ মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কুমুদ ডেকাই। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছত সামূহিক দৌৰ উদ্বোধন কৰিব তামুলপুৰ আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া উপেন চন্দ্ৰ বৰ্মনে। পুৱা ৯.৩০ বজাৰ পৰা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা। দুপৰীয়া ১২ বজাত ৰচনা প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিলিপি গ্ৰহণ।

সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰিব ৫৮৭ নম্বৰ তেঁতেলীগুৰি নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক বসন্ত তালুকদাৰে। বন্তি প্ৰজ্বলনৰ পিছতেই অনুষ্ঠিত হব ক্লাৱৰ ন-পুৰণি সদস্যৰ অন্তৰংগ অনুষ্ঠান আৰু বাৰ্ষিক সভা। ৪ ছেপ্টেম্বৰত পুৱা ৪ বজাত প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰিব পশ্চিম তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীপতি ৰাম বৰাই।

পুৱা ৯ বজাত অনুষ্ঠিত হব লগা প্ৰয়াত ছাত্র কৰ্মী ৰিংকু মনি ডেকা সোঁৱৰণি চিত্ৰাংকণ প্ৰতিযোগিতা পৰিচালনা কৰিব চিত্ৰ শিল্পী প্ৰসাদ তালুকদাৰে। আবেলি ক্লাৱৰ সভাপতি গোপেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হব বঁটা বিতৰণ আৰু খেলুৱৈ সম্বৰ্ধনা অনুষ্ঠান।

উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ গৌতম মেধি লগতে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াব সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাই । সভাত অৱসৰ প্ৰাপ্ত শিক্ষক অধিক চন্দ্ৰ দাস, বৈকুণ্ঠ কলিতা, ফণীন্দ্ৰ কলিতা আৰু সুৰেন চন্দ্ৰ দাসেও অংশগ্ৰহণ কৰিব। সমূহ কাৰ্যসূচীতে ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিৰ লগতে সহায় সহযোগিতা ক্লাৱৰ সাধাৰণ সম্পাদক সোণেশ্বৰ কলিতাই আন্তৰিকতাৰে কামনা কৰিছে ।