newsnextone.com | আমগুৰিঃ অসমৰ এগৰাকী যুৱতীয়ে দৈহিক সুষমাৰে সকলো প্ৰতিযোগিকে চেৰ পেলাই আজুৰি আনিলে মিচ ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ৷

মিচ ইণ্ডিয়া ইউনিভাৰ্চৰ খিতাপৰ ৰেম্পত খোজ দি মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় শিৱসাগৰ জিলাৰ পিংকীয়ে৷ এই খিতাপ অৰ্জন কৰি ৰাজ্যখনলৈ তথা ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ 

পিংকীয়ে গাঁৱৰ মাটি-পানী গচকি ডাঙৰ-দীঘল হ’লেও বিশ্ব জিনাৰ সপোনে মনত দোলা দি আছে৷ সৌন্দৰ্য চৰ্চাৰ নতুবা ফেশ্বনৰ জগতত উজ্বলি উঠি এদিন বিশ্ব জিনিব খোজে৷ গাঁৱৰ পৰা ওলাই গৈ ৰাজমুকুট পিন্ধিব খোজা পিংকীয়ে প্ৰথমটো খোজতে সফলতা লাভ কৰে৷

মুঠৰ ওপৰত সৌন্দৰ্য প্ৰতিযোগিতাত বিচাৰকৰ মন জয় কৰি মিচ ইণ্ডিয়া ইউনিভাৰ্চৰ মুকুট শিৰত পিন্ধিবলৈ সক্ষম হৈছে আমগুৰিৰ পিংকী দাসে। চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ পৰ্যটন বিভাগে যোৱা ১৪ জুনত কলম্বোত অনুষ্ঠিত কৰা প্ৰতিযোগিতাত ভাৰতৰ ২০ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল৷ শ্ৰীলংকাৰ ১০ গৰাকী প্ৰতিযোগীয়ে ভাগ লৈছিল। তাৰ মাজতে প্ৰতিযোগীতাৰ সকলো প্ৰতিযোগীত চেৰ পেলাই অসমৰ পিংকীয়ে লাভ কৰিলে মিচ ইণ্ডিয়া ইউনিভাৰ্চ খিতাপ৷

আমগুৰিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী সাগৰ দাস আৰু মায়া দাসৰ কন্যা পিংকীয়ে প্ৰতিযোগিতাখনত মিচ ৰেম্প ৱৰ্ক আৰু মিচ ফটোজেনিক শিতানতো শ্ৰেষ্ঠত্ব আজুৰিবলৈ সক্ষম হয়। গুৱাহাটী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা পিংকীয়ে আগন্তুক সময়ত সৌন্দৰ্যৰ ক্ষেত্ৰখনত কাম কৰি যোৱাৰ আশা ব্যক্ত কৰে। 

উত্তৰ পূবৰ একমাত্ৰ প্ৰতিযোগীগৰাকীৰ এই সাফল্যই আমগুৰিৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বুধবাৰে পিংকী আমগুৰিৰ নিজা ঘৰত প্ৰৱেশ কৰাৰ লগে লগে আমগুৰিত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে পিংকীক বহু দল-সংগঠন উষ্ম আদৰণি জনায়।