newsnextone.com। তামুলপুৰঃ সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবীত এন ডি এফ বিকে ধৰি নিখিল বড়ো ছাত্ৰ সন্থা আৰু পিপলছ জইণ্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টে সুদীৰ্ঘ বছৰ ধৰি সংগ্ৰাম কৰি আহিছে। বড়োলেণ্ড গঠনৰ দাবী অসমত বসবাস কৰা বড়ো জনগোষ্ঠীৰ ন্যায্য দাবী। অৱশ্যে বড়োলেণ্ড অকল বড়ো জনগোষ্ঠীৰ লোকৰ বাবে নহয়। প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ বাবেই বড়োলেণ্ড। এই ভাষ্য এন ডি এফ বি(প্ৰ )ৰ সাধাৰণ সম্পাদক বি স্বউমখোৰ ওৰফে গোবিন্দ বসুমতাৰীৰ।

তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ দেফেলিত সোমবাৰে পিপলছ জইন্ত এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্ট চমুকৈ পি জে এ চি বি এমৰ উদ্যোগত অনুষ্ঠিত এখন সভাত এন ডি এফ বি(প্র)ৰ নেতাগৰাকীয়ে এই মন্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ কয় যে সুদীৰ্ঘ সশস্ত্ৰ সংগ্ৰামৰ পিছত এন ডি এফ বিয়ে অস্ত্ৰ বিৰতি ঘোষণা কৰে। অস্ত্ৰ বিৰতিৰ পিছত চৰকাৰৰ লগত কেবালানিও আলোচনা অনুষ্ঠিত হয় যদিও চৰকাৰৰ সদিচ্ছাৰ অভাৱত এই আলোচনা অদ্যাপি সফল হোৱা নাই।

অৱশ্যে শেহতীয়াভাবে চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে এন ডি এফ বি(প্ৰ), এবছু আৰু পি জে এ চি বি এমৰ লগত আলোচনা কৰিছে বুলি জানিবলৈ দিয়ে বসুমতাৰীয়ে। ভাষণত তেওঁ বড়োলেণ্ড গঠন হলে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে সম অধিকাৰ আৰু সম মৰ্যাদাৰে জীয়াই থকাৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে। সাম্প্ৰতিক সময়ত বড়োলেণ্ড গঠনৰ সংগ্ৰামখনত বড়ো জনগোষ্ঠীৰ উপৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক জড়িত কৰা হব বুলি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

বি টি চিত অসমীয়া ভাষাৰ বিলুপ্তি ঘটিব বুলি একাংশ লোকে কৰা মন্তব্যক নসাত্ কৰি বসুমতাৰীয়ে কয় যে বি টি চিত অসমীয়া ভাষা এলাগী হোৱা নাই আৰু কেতিয়াও নহয়। বি টি চিত যেনেদৰে অসমীয়া ভাষাৰ কোনো কাৰণতে বিলুপ্তি নঘটে, তেনেদৰে বড়োলেণ্ড গঠন হোৱাৰ পিছতো অসমীয়া ভাষাৰ বিলুপ্তি নহয়। পি জে এ চি বি এমৰ তামুলপুৰ জিলা সমিতিৰ আহ্বায়ক যোগেন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে এন ডি এফ বি(প্ৰ)ৰ গৃহ সচিব এম গেৰেমাই।

উদ্বোধনী ভাষণত তেওঁ কয় যে তেলেংগানা ৰাজ্য যদি গঠন কৰিব পাৰে তেন্তে বড়োলেণ্ড গঠন কৰিব নোৱাৰাৰ প্ৰশ্নই আহিব নোৱাৰে। বড়োলেণ্ড বড়ো জনগোষ্ঠীৰ লোকৰ প্ৰাপ্য অধিকাৰ বুলিও তেওঁ মন্তব্য কৰে। যুৱ নেতা গণেশ স্বৰ্গীয়াৰীয়ে আঁত ধৰা সভাখনত উপস্থিত থাকি পি জে এ চি বি এমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়োৱে স্বাধীনতাৰ সত্তৰ বছৰ পিছতো উত্তৰ পাৰৰ জনগোষ্ঠী সমূহে কি পালে বুলি প্ৰশ্ন উত্থাপন কৰে।

বড়োলেণ্ড অকল বড়ো জনগোষ্ঠীৰ লোকৰ বাবে নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। সভাখনত পি জে এ চি বি এমৰ উপদেষ্টা গংগাধৰ ৰামচিয়াৰীয়ে সুকীয়া বড়ো ৰাজ্য গঠনৰ পোষকতা কৰে। সভাত ৰিংখাং নাৰ্জাৰীক সভাপতি আৰু গণেশ স্বৰ্গীয়াৰীক সাধাৰণ সম্পাদক হিচাপে লৈ পি জে এ চি বি এমৰ তামুলপুৰ আঞ্চলিক সমিতিৰ ৩১ জনীয়া সমিতি এখন গঠন কৰা হয়।