jiaruddin
jiaruddin

newsnextone.com | শিৱসাগৰ টাউনঃ শিৱসাগৰৰ সাংস্কৃতিক কৰ্মী তথা একালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰজনী খাৰঘৰীয়াৰ পুত্ৰ দেৱাশীষ খাৰঘৰীয়াক বুধবাৰে নিশা গুৱাহাটীৰ ছয়মাইলৰ পৰা গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে৷ নিশাই গুৱাহাটীৰ পৰা শিৱসাগৰলৈ নি শিৱসাগৰ সদৰ আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা যায়৷ ৰজনী খাৰঘৰীয়াৰ বোৱাৰি তথা দেৱাশীষৰ পত্নী গীতাশ্ৰী দুৱৰাক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে৷

উল্লেখ্য যে, জন্মদাতা পিতৃ-মাতৃক চোৱাচিতা নকৰাৰ অভিযোগ উত্থাপন হৈছিল দেৱাশীষ খাৰঘৰীয়াৰ বিৰুদ্ধে৷ পিতৃ-মাতৃয়ে যাৰ ফলত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল বুলি অভিযোগ উত্থাপন হয়৷ চৰকাৰী চাকৰি কৰাৰ পাছতোঁ তথা আৰ্থিক ভাৱে সবল পুত্ৰই নিজ পিতৃ-মাতৃক অৱহেলা কৰিছিল৷ ইমানে নহয় নিৰ্যাতন চলোৱাৰ অভিযোগত পিতৃ-মাতৃয়ে ভাড়াঘৰত থাকিবলৈ বাধ্য হৈছিল৷ 

ভাড়াঘৰত থাকিবলৈ বাধ্য হৈছিল দেৱাশীষ খাৰঘৰীয়াৰ জন্মদাতা ৰজনী খাৰঘৰীয়াৰ আৰু ৰুবী খাৰঘৰীয়াই। ৰুগীয়া পিতৃ-মাতৃয়ে ৰোগৰ চিকিৎসা কৰিব নোৱাৰাৰ লগতে দুবেলা দুমুঠি খাবলৈ পোৱা নাছিল৷ ফলত আপোন সন্তানে অৱহেলা কৰা কাৰ্যক সহ্য কৰিব নোৱাৰি অৱশেষত ৩০ জুনত ভাড়াঘৰত আত্মহত্যা কৰিছিল ৰজনী খাৰঘৰীয়া-ৰুবী খাৰঘৰীয়াই৷

তাৰ পিছতে পুত্ৰৰ বিৰুদ্ধে পিতৃ-মাতৃক অৱহেলা কৰাৰ গোচৰ ৰুজু কৰে শিৱসাগৰ আৰক্ষীয়ে৷ গোচৰ ৰুজু কৰাত শিৱসাগৰ এৰি পলায়ন কৰিছিল দেৱাশীষ খাৰঘৰীয়া-পত্নী গীতাশ্ৰী দুৱৰাই৷ আৰক্ষীৰ জালত পৰাৰ ভয়ত যোৱা ১৯টা দিন ধৰি আত্মগোপন কৰে। ৰজনী খাৰঘৰীয়াৰ আৰু ৰুবী খাৰঘৰীয়াৰ কন্যা তথা দেৱাশীষৰ বায়েকে দেৱাশীষ পত্নী গীতাশ্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল শিৱসাগৰ সদৰ আৰক্ষী থানাত।

আনহাতে আৰক্ষীয়ে দেৱাশীষক আতিথ্য দিব খোজাৰহে অভিযোগ উত্থাপন হয়৷ সাংবাদিকৰ পৰা লুকুৱাই ৰখাৰ চেষ্টা কৰা বুলি শিৱসাগৰ জিলাৰ একাংশ সাংবাদিকে অভিযোগ উত্থাপন কৰে৷ শিৱসাগৰ জিলাৰ সাংবাদিকসকলে এই ঘটনাৰ ৰহস্য পোহৰলৈ অনাত যথেষ্ট সহায় কৰিছিল৷