newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক আঁঠুকাঢ়ি সেৱা ললে আৰক্ষী বিষয়াই। যোগী আদিত্য নাথে যোগ গুৰুসকলৰ সমাধিস্থলত আয়োজন কৰিছিল পূজা অৰ্চনা। সেই সময়ত কঁপালত ফোট দি শিষ্যক আশীৰ্বাদ দিয়ে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিবলৈ মানুহৰ ভিৰ লাগিছিল। কিন্তু এগৰাকী এনেকুৱা শিষ্যই মুখ্যমন্ত্ৰীৰ পৰা আশীৰ্বাদ ললে যিগৰাকী শিষ্যৰ কথা পোহৰলৈ অহাৰ পিছতে ব্যাপক চৰ্চাৰ আৰম্ভ হয়। সেই শিষ্যগৰাকীৰ ফটো ভাইৰেল হৈ পৰে। 

শিষ্যগৰাকী হ'ল এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া। উত্তৰ প্ৰদেশ আৰক্ষীৰ ডিএছপি প্ৰবীণ কুমাৰ সিঙে মুখ্যমন্ত্ৰী যোগীৰ পৰা ফোট লোৱাৰ লগতে আঁঠুকাঢ়ি সেৱা লয়। এই ফটো ৰাজহুৱা হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বৰ্তমান গোৰখপুৰৰ ডিএছপি হিচাপে কৰ্মৰত সিঙ ২০১৪ চনৰ উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ বিষয়া।