newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটক কৃষি, পানী যোগান, উন্নয়ন আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে৷ তেনে পৰিস্থিতিতেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এছডি কুমাৰস্বামীয়ে সোমবাৰে কয় যে ৰাজ্যৰ বিভিন্ন বিষয়ৰ সমস্যাসমূহ দূৰ কৰিবলৈ সময়ৰ প্ৰয়োজন৷ তেওঁ কয়, ‘অদ্ভূত পৰিস্থিতিত এই চৰকাৰখন গঠন হৈছে৷ গতিকে মোক সময়ৰ প্ৰয়োজন৷ মই সমস্যাসমূহ তৎকালীনভাৱে দূৰ কৰাৰ বাবে কোনো যাদু কৰিব নাজানো৷’

কুমাৰস্বামীয়ে বিধায়কৰ দ্বাৰা উত্থাপিত পানী যোগানৰ পৰা অবৈধ বালি খননলৈ আৰু অন্য বিষয়ৰ সমস্যা সমূহৰ ওপৰত সোমবাৰে আলোচনা কৰে৷ আলোচনাত বিৰোধী দলপতি য়েদেৰুপ্পাৰ লগতে ৰাজ্যখনৰ ৰাজ্যপাল আৰু কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকি নিজৰ নিজৰ ৰায় প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীক ৰাজ্যখনৰ সমস্যাসমূহৰ বিষয়ে অৱগত কৰে৷

ইফালে জানিব পৰা মতে, আলোচনা চক্ৰৰ মাজতে মুখ্যমন্ত্ৰী কুমাৰস্বামী আৰু বিৰোধী দল বিজেপিৰ নেতা বিএছ য়েদেয়ুৰাপ্পাৰ মাজত কোনো বিষয়ক লৈ যুক্তি-তৰ্ক চলে৷ আলোচনাৰ মাজতে য়েদেয়ুৰাপ্পাই কংগ্ৰেছ-জেডিএছৰ চৰকাৰ গঠন প্ৰক্ৰিয়াক তীক্ষ্নভাৱে সমালোচনা কৰাও দেখা যায়৷

কুমাৰস্বামীয়ে কয়, চৰকাৰে মানৱীয়তাৰ লগতে সমাজৰ প্ৰত্যেক জাতিৰ সহায়তাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছে৷ এই চৰকাৰ খন কেৱল ৰাজ্যৰ জনতাৰ বাবে৷ এটা এটা কৰি ৰাজ্যখনৰ সকলো সমস্যা চৰকাৰে দূৰ কৰিবলৈ প্ৰয়াস কৰি এখন উন্নত কৰ্ণাটক গঢ়িব৷ 

উল্লেখ্য যে, বিৰোধী দল বিজেপিয়ে জেডিএছ-কংগ্ৰেছৰ মিত্ৰতা কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবেহে বুলি অভিযোগ কৰি এয়া কেৱল ৰাজ্যৰ জনতাক বিশ্বাসঘাতকতা কৰাৰ বাবেহে বুলি বিভিন্ন সময়ত অভিযোগ কৰি আহিছে৷ সোমবাৰে আলোচনা চক্ৰৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ এই অভিযোগৰ প্ৰত্যুত্তৰ দি কয় যে যদি কৰ্ণাটকত আকৌ এবাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়, তেন্তে এইবাৰো চৰকাৰ তেওঁলোকৰে হ’ব৷ কুমাৰস্বামীয়ে কয়, ‘কংগ্ৰেছ-জেডিএছৰ মিত্ৰতাৰ চৰকাৰ অটুত থাকিব আৰু সদায় ই জনতাৰ বাবে কাম কৰি যাব৷’

কুমাৰস্বামীয়ে কয়, ‘কোনেও দাবী কৰিব পৰা নাছিল যে ময়েই মুখ্যমন্ত্ৰী হ’ব পাৰিম৷ আনকি ময়ো নিজে ভৱা নাছিলো৷ কিয়োনো পৰিস্থিতিয়েই তেনেকুৱা আছিল৷ কিন্তু সিদ্ধান্ত লোৱা হ’ল আৰু তেনে পৰিস্থিতিতেই মই মুখ্যমন্ত্ৰীৰ পদ চম্ভালিলো৷ সেয়ে মই নিজকে পৰিস্থিতিৰ পৰা জন্ম হোৱা বুলি কব বিচাৰোঁ৷’