newsnextone.com | কোকৰাঝাৰঃ কৃষি খণ্ডত উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে বিটিচিৰ কৃষি বিভাগে কৃষকসকলৰ মাজত পঞ্চাশ শতাংশ ৰেহাই মূল্যত পাৱাৰ টিলাৰ বিতৰণৰ আঁচনি গ্ৰহন কৰিছে ৷ উক্ত আঁচনিৰ অধিনত মঙলবাৰে বিটিচিৰ কোকৰাঝাৰ জিলাৰ কৃষকসকলৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷

কোকৰাঝাৰ কৃষি কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সভাৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬০গৰাকী হিতাধিকাৰীক পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ হিতাধিকাৰী সকলৰ মাজত পাৱাৰ টিলাৰ সমূহ বিতৰণ কৰে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অনশুমৈই খুংগৰ বড়ো আৰু ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ৷ 

নিজৰ চমু ভাষণত বিভাগীয় কাৰ্যবাহী সদস্য অনশুমৈই খুংগৰ বড়োই এছ অ পি ডি আঁচনিৰ অধীনত এই পাৱাৰ টিলাৰ সমূহ বিতৰণ কৰা হৈছে বুলি সদৰী কৰি কয় যে কৃষিখণ্ড তথা কৃষক সকলৰ উন্নয়নৰ বাবে পৰ্যায় ক্ৰমে আৰু ন ন আঁচনি গ্ৰহণ কৰা হ'ব ৷ 

কৃষকসকলে লাভ কৰা পাৱাৰ টিলাৰ সমূহৰ সদ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই কাৰ্যবাহী সদস্যগৰাকীয়ে কৃষি ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা বিটিচিৰ চাৰি খন জিলাৰ চাৰি জন আদৰ্শ কৃষকক বিনামূলীয়া ট্ৰেক্টৰ প্ৰদান কৰা হ'ব বুলিও সদৰী কৰে৷ পাৱাৰ টিলাৰ বিতৰণী অনুষ্ঠানত বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক এম এম স্বৰ্গীয়াৰী, কাৰ্যবাহী অভিযন্তা হিৰেণ বাৰো আৰু এ ডি এ হৰি বড়োকে ধৰি কেইবাগৰাকীও বিভাগীয় বিষয়া উপস্থিত থাকে৷