ডিজিটেল ৰিপ'ৰ্টঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাকে জীৱনৰ সৰ্বোচ্চ জ্ঞান কৰি ফলাফল ঘোষণাৰ দিনাই পৃথিৱীক বিদায় জনাই আঁতৰি যায় দুগৰাকীকৈ শিক্ষাৰ্থীয়ে। দুৰ্ভগীয়া এই শিক্ষাৰ্থী দুগৰাকী হৈছে প্ৰণামী গোঁহাই আৰু ফৈলাও দৈমাৰী।

ইয়াৰে প্ৰণামীৰ ঘৰ হৈছে ডিব্ৰুগড় জিলাৰ ডিকম আৰক্ষী চকীৰ অন্তৰ্গত বিনৈগুটীয়া গাঁৱত। ছাত্ৰীগৰাকীয়ে ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ভাল খবৰটো পাব বুলি মাজ নিশাৰে পৰা সপোন দেখি আছিল প্ৰণামীয়ে। কিন্তু ঠিক ১০ বজাৰ লগে লগে ছাত্ৰীগৰাকীৰ মূৰত ভাগি পৰে সৰগ।

পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ গ্লানি কোনোমতে সহিব নোৱাৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰি নিজ গৃহতে ছিলিং ফেনত চিপলৈ আত্মহত্যা কৰে ছাত্ৰীগৰাকীয়ে। এই ঘটনাৰ পিছতে কান্দোত ভাগি পৰে পিতৃ দিলীপ গোঁহাই আৰু মাতৃ জিনু গোঁহাই।

ঘটনাৰ বিষয়ে ডিকম আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

আনহাতে ডিকমৰ দৰে অনুৰূপ অঘটন সংঘটিত হয় শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত। প্ৰতিযোগিতা সৰ্বস্ব সমাজৰ অংশীদাৰ পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ ব্যৰ্থ হৈ চৰম সিদ্ধান্ত লোৱা এই শিক্ষাৰ্থীজন হৈছে ঢেকীয়াজুলি মইনাজুলিৰ ফৈলাও দৈমাৰী ৷

১০ বজাত পৰীক্ষাত অনুতীৰ্ণ হোৱাৰ বাতৰি পোৱা মাত্ৰকে অন্য মনষ্ক হৈ পৰে ফৈলাও। কিছু সময় পিছতে চিপ লৈ থকা অৱস্থাত পৰিয়ালৰ লোকে ফৈলাওক উদ্ধাৰ কৰে। লগে লগে তেওঁক চিকিত্সালয়লৈ নিয়া হয় যদিও চিকৎসকে মৃত ঘোষণা কৰে। 

ইফালে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত আন কেবাগৰাকী ছাত্ৰ-ছা্ত্ৰীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হৈ আত্মহত্যাৰ চেষ্টা চলোৱাৰ বাতৰি পোৱা গৈছে। শিৱসাগৰ নামতিপুলৰ কুলজান বেগম নামৰ ছাত্ৰী এগৰাকীয়ে এনে চেষ্টা চলায় যদিও পৰিয়ালৰ তত্পৰতাত অঘটন সংঘটিত হ'বলৈ নাপালে।

গৌৰীসাগৰতো মায়াশ্ৰী বৰা নামৰ আন এগৰাকী ছাত্ৰীয়ে এনে চেষ্টা চলাওতে পৰিয়ালৰ লোকসকলে সেয়া প্ৰত্যক্ষ কৰি পৰীক্ষাই সকলো নহয় বুলি বুজনি দি ক্ষান্ত কৰে। বৰপেটা জিলাৰ বাঘবৰতো ৰীণা পাৰবিন নামৰ এগৰাকী ছাত্ৰীয়ে এনে অপচেষ্টা চলোৱাৰ বাতৰি পোৱা গৈছে।

• চাবুৱা আৰু ঢেকীয়াজুলিৰ ডিজিটেল কৰেছপণ্ডেণ্টৰ সহযোগত•