filephoto
filephoto

newsnextone.com| জাজৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ হাতীচোং আঞ্চলিক ছাত্র সন্থা আৰু নগাঁও সদৰ আঞ্চলিক কৰ্মচ‍ৰী পৰিষদে শুকুৰবাৰে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত প্ৰেৰণাৰ দিন উদযাপন কৰে৷

জাতীয় শ্বহীদসকলৰ আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণত নিয়োজিত বিষয়া কৰ্মচাৰীৰ সু-স্বাস্থ্য, নিৰাপত্তা কামনাৰে উৎসাহ জনাই প্ৰেৰণাৰ দিন উদযাপন জৰিয়তে।

জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে সদৌ নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি অভিজিৎ দাস আৰু বিদ্যালয় খনৰ অধ্যক্ষ মঞ্জুল কটকীয়ে। অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰী, ছাত্র-ছাত্রীসকলৰ লগতে প্ৰাক্তন ছাত্রনেতা ফনি বৰা, ৰাহুল দেৱ বৰদলৈ, মহকুমা ছাত্র সন্থাৰ শিক্ষা সম্পাদক হিৰণ্য জ্যোতি বৰা, নিপন শৰ্মা আদিয়ে উপস্থিত থাকে।