newsnextone.com | ডিফুঃ ৩০ জুলাইত প্ৰকাশিত বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন পূৰ্ণাংগ খচৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন নাগৰিক মঞ্চ-অসমৰ কাৰ্বি আংলং শাখাই ৷ 

বুধবাৰে ডিফু ৰাঙছিনা ভৱনৰ সভাকক্ষত আয়োজন কৰা এক সংবাদমেলত সচেতন মঞ্চ-অসমৰ কাৰ্বি জিলাৰ নেতা জনতা চাহানীয়ে কয় যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অসম চৰকাৰে অতি সাৱধানতা আৰু তৎপৰতাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা কৰিবলৈ সক্ষম হোৱা  বুলি কয়।

উক্ত প্ৰক্ৰিয়াৰ বাবে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক ধন্যবাদ জনোৱাৰ লগতে প্ৰতীক হাজেলাৰ সৈতে সহযোগিতা আগবঢ়োৱা বিষয়া-কৰ্মচাৰীসকল আৰু চূড়ান্ত খচৰা প্ৰকাশক পিছত উদ্ভৱ হব পৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অসম আৰক্ষীৰ প্ৰয়াসক, দল-সংগঠনৰ শলাগ লয় সচেতন নাগৰিক মঞ্চ-অসমৰ কাৰ্বি আংলং শাখাই ৷ 

আনহাতে সচেন নাগৰিক মঞ্চক কাৰ্বি আংলং শাখাৰ কৰ্ম-কৰ্তা ভগীৰথ ডেকাই কয় যে সচেতন নাগৰিক মঞ্চ অসমে ৰাজ্যত ঐক্য, সংহতি আৰু সমন্বয়ৰ বাবে দৃঢ়তাৰে কাম কৰি গৈছে ৷ অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত গ্ৰহণ কৰা পদক্ষেপ বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াই যাবলৈ সকলো পক্ষকে সচেতন নাগৰিক মঞ্চৰ অসমৰ দুয়োগৰাকী নেতাই আহ্বান জনায় ৷