newsnextone.com | ওদালগুৰিঃ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু ৰাজ্য চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তি সম্পূৰ্ণ হোৱাত বুধবাৰে ওদালগুৰি জিলাৰ বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰে জিলা বিজেপিৰ নেতৃত্বই। সংবাদমেলত উপস্থিত থাকে ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াই। সংবাদ মেলত বিধায়ক বিনন্দ শইকীয়াই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ খতিয়ান দাঙি ধৰে। বৰ্তমান চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি অৱলম্বন কৰি বিভিন্ন ধৰণে সংঘটিত দুৰ্নীতি পোহৰলৈ অহা বিষয়াক জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি কয়।

আনহাতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পুনৰ মঙলদৈ লোকসভা সমষ্টি দখল কৰিব বুলি কয়। মঙলদৈ লোকসভা সমষ্টিত বিজেপিৰ তৃণমূল কৰ্মীসকল যথেষ্ট শক্তিশালী ৰূপত বিজেপি দলটোৰ উত্থান ঘটাইছে। অৱশ্যে প্ৰাৰ্থী কোন হ’ব সেয়া এতিয়াই কব পৰা নাযায় কিয়নো নিৰ্বাচনলৈ মাজত বহু দিন বাকী আছে। বৰ্তমান বিটিচি অঞ্চলত বিজেপিৰ শক্তিশালী ৰূপত উত্থান হৈছে বুলিও কয় বিধায়ক শইকীয়াই।

তৃণমূল পৰ্যায়ৰ পৰাই এই দুৰ্নীতিসমূহ বন্ধ কৰিবলৈ বিজেপি চৰকাৰখন বদ্ধ পৰিকৰ হোৱা বুলিও উল্লেখ কৰে। ইপিনে উন্নয়নৰ ক্ষেত্ৰত ওদালগুৰি জিলাখন আগবাঢ়ি যোৱা বুলি মন্তব্য কৰি বিধায়ক শইকীয়াই কয় যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ওদালগুৰি জিলাখনৰ ৪১৩ কিল'মিটাৰ পথ পকীকৰণৰ কাম বাৰিষাৰ পাছতেই আৰম্ভ কৰা হ’ব। ইপিনে ওদালগুৰি ভৈৰৱকুণ্ড পথৰ বাবে ১৫ কোটি টকা আৱণ্টন দিয়াৰ লগতে কাম চলি থকা ওদালগুৰি-তামুলপুৰ পথৰ বাবে এচিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে ২৮৯ কোটি টকাৰ কাম চলি থকা বুলি উল্লেখ কৰে।

ইপিনে সম্পূৰ্ণ নোহোৱাকৈ আধাতে কাম শেষ হোৱা ওদালগুৰি-ৰৌতা পথৰ কাম বাৰিষাৰ পাছতে আৰম্ভ কৰাৰ বাবে ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰীগৰাকীক জনাব বুলি প্ৰকাশ কৰে। আনহাতে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফে কোকৰাঝাৰ লোকসভা সমষ্টিৰ উপৰিও মঙলদৈ লোকসভা সমষ্টিত নিৰ্বাচন খেলাৰ ইচ্ছা প্ৰকাশ কৰা বুলি কৰা মন্তব্যক সম্পূৰ্ণৰূপে নস্যাৎ কৰি বিধায়কগৰাকীয়ে কয় যে বৰ্তমান বিজেপিৰ দখলত থকা সমষ্টি লোকসভা নিৰ্বাচনতো বিজেপিয়ে দখল কৰিব।

প্ৰাৰ্থী কোন হয় সেয়া পিছৰ কথা কিন্তু বিজেপিয়ে সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰি জয় হোৱাটো নিশ্চিত। এনে মন্তব্যৰ পাছতে স্বাভাৱিকতে বিপিএফ দলৰ আশাত চেঁচা পানী পৰাটো নিশ্চিত হৈ পৰিছে। ইফালে টংলাস্থিত হৰিশিঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হোৱা দুৰ্নীতিৰ বাতৰি সন্দৰ্ভত মত ব্যক্ত কৰি বিধায়ক শইকীয়াই কয় যে যদিহে ঘটনাটো সঁচা তেন্তে কোনো সাৰি যাব নোৱাৰে। সংবাদমেলত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো, সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকাই।

উল্লেখ্য যে, অহা লোকসভা নিৰ্বাচনত বিজেপিৰ বৰ্তমানৰ কেইবাগৰাকী সাংসদে টিকট লাভ নকৰে বুলি প্ৰচাৰ হৈ আহিছে৷ তাৰে মোজৰ এজন হৈছে মঙলদৈৰ সাংসদ ৰমেন ডেকা৷ বিধায়ক বিনন্দ শইকীয়াই বৰ্তমানৰ সাংসদ ৰমেন টিকিট যে পুনৰ টিকট লাভ নকৰিব সেই কথাত মোহৰ লগোৱাৰ দৰেই হয়৷