newsnextone.com | মৰিয়নীঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজিৰ স্বাধীনতা দিৱস ৰাজ্যৰৰো বিভিন্ন প্ৰান্তত উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হয়। 

বিগত বৰ্ষৰ দৰে এইবছৰো বুধবাৰে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট চিনামৰাৰ কৰঙা ৰাজহুৱা খেলপথাৰত ২৬সংখ্যক এদিনীয়া প্ৰাইজমানী ফুটবল খেলখন অনুষ্ঠিত কৰা হয়।

কৰঙা অংকুৰ ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৌজন্যত অনুষ্ঠিত খেলখন উদ্ধোধন কৰে যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি তথা বিজেপিৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পুজাৰীয়ে।

জানিব পৰা মতে, উক্ত প্ৰতিযোগিতাখনত বিভিন্ন প্ৰান্তৰ ত্ৰিশৰো অধিক ফুটবল দলে অংশগ্ৰহণ কৰে।