লংকাঃ এফালে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত গুণগত মান উন্নত কৰিবলৈ গুণোৎসৱ পতাত ব্যস্ত হৈ পৰিছে শিক্ষামন্ত্ৰী৷ আনফালে লংকা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক  বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মাৰ বান্ধি উলাই আহিল ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকল৷ 

লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত লংকা চহৰৰ মাজমজিয়াত অৱস্থিত লংকা প্ৰাথমিক বিদ্যালয়খনত অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে সোমবাৰে বিদ্যালয়খনত উপস্থিত হৈ সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ৷ অভিভাৱক-অভিভাৱিকা সকলৰ গুৰুত্বৰ অভিযোগ, বিদ্যালয়ৰ চৌহদত থকা জিৰণী চ'ৰাত জিৰনী লৱলৈ দিয়া নহয় হেনো অভিভাৱক সকলক৷ 

তদুপৰি, বছৰেকীয়া পৰীক্ষা সমাগত৷ তেনেস্থলত বিদ্যালয়ৰ পৰা পাঠ্যপুথি যোগান নধৰাৰ উপৰিও বিদ্যালয়ৰ প্ৰধানশিক্ষক গৰাকীয়ে শ্ৰেণীকোঠাত পাঠ দান নকৰাৰ অভিযোগ তুলি একাংশ অভিভাৱকে আজি পৰিৱেশ উত্তাল কৰি তোলে৷ আনফালে বিদ্যালয়খনত ব্যবহৃত বিদ্যুতৰ বিল ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰাৰো গুৰুতৰ অভিযোগ তুলিছে অভিভাৱকসকলে৷

যাৰ পৰিণতিত আজি ক্ষোভিত অভিভাৱকসকলে লংকা প্ৰাথমিক বিদ্যালয় ঘেৰাও কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ আনহাতে বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰত্নেশ্বৰ শইকীয়া আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে অভিভাৱকসকলে লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়াৰ ওচৰত এক অভিযোগ দাখিল কৰে৷