newsnextone.com | কাকপথাৰঃ দেওবাৰ সন্ধিয়া তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্ত কঁপাই তোলে কেইবাশতাধিক লোকে৷ কাকপথাৰৰ ডিৰাক চাৰিআলিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জোঁৰ সমদল উলিয়াই আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰীয়ে৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় কেইবাটাও দল-সংগঠনৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে কোনো কাৰণত এই হিন্দু শৰণাৰ্থীক মানি নোলোৱাৰ হুংকাৰ দিয়ে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় কেইবাটাও দল সংগঠনৰ সহযোগত ৰূপায়ন কৰা প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হুছিয়াৰ, হিন্দু নাগৰিকক নাগৰিকত্ব দিব বিচৰা বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল গ’বেক ইত্যাদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷ 

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা সময়তে ডিৰাক গেটত ২২জনকৈ বাংলাদেশীক স্থানীয় ৰাইজ আৰু সীমান্ত আৰক্ষীয়ে আটক কৰে দেওবাৰে৷ প্ৰতিবাদী কাৰ্যসুচীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰতাপ মৰাণৰ লগতে বহুকেইজন বিষয়-ববীয়া উপস্থিত থাকে৷