newsnextone.com | ওদালগুৰিঃ ওদালগুৰিৰ বিতৰ্কিত ঠিকাদাৰ অশোক বাজাজৰ বিৰুদ্ধে ওদালগুৰি জিলাৰ তিনিখন আৰক্ষী থানা ক্ৰমে হৰিশিঙা, টংলা আৰু ওদালগুৰিত পৃথকে পৃথকে তিনিখনকৈ এজাহাৰ দাখিল কৰিছে এবছুৰ নেতৃত্ব‌ই। জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন নিৰ্মানকাৰ্যত জড়িত ঠিকাদাৰ অশোক বাজাজে অবাধ দুৰ্নীতি-লুণ্ঠন সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে এবছুৱে। 

উল্লখযোগ্য যে, প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা ওদালগুৰি জিলাৰ হৰিশিঙা আদৰ্শ চিকিৎসালয়খন মুকলি হোৱাৰ পূৰ্ৱেই ইয়াৰ দেৱালত প্ৰকাণ্ড ফাঁট মেলা প্ৰত্যক্ষ কৰা হৈছিল। ফলত এবছুৰ হৰিশিঙা আঞ্চলিক সমিতিয়ে বিতৰ্কিত ঠিকাদাৰ অশোক বাজাজ আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ বিৰুদ্ধে ১২ জুলাইত হৰিশিঙা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত হৰিশিঙা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি), ৪০৬, ৪০৯, ৪২০, ৪১৮নং ধাৰাৰ অধীনত ৩২/১৮ নম্বৰৰ এক গোচৰ ৰুজু হৈছিল। 

উক্ত ঘটনা সন্দৰ্ভত এবছুৰ নেতৃত্ব‌ই চিকিৎসালয়খনত অতি নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰৰ লগতে নতুনকৈ আদৰ্শ চিকিৎসালয়খন নিৰ্মাণ নকৰিলে মুকলি কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছিল। লগতে এবছুৰ নেতৃত্ব‌ই অভিযোগ কৰিছিল যে, ওদালগুৰিৰ বিধায়ক তথা অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ আশীৰ্বাদত ঠিকাদাৰগৰাকীয়ে এনেদৰে লুণ্ঠন চলাই আহিছে। বিষয়াগৰাকীৰ লুণ্ঠনৰাজৰ বিষয়ে অৱগত কৰি বিগত তিনি আগষ্টত ওদালগুৰি জিলা উপায়ুক্তক এবছুৱে সাক্ষাৎ কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে। 

জিলা উপায়ুক্তগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে জ্ঞাত হৈ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিলে যদিও সেই তদন্তত কি তথ্য পোহৰলৈ আহিল সেয়া গোপন হৈ থাকিল। ইয়াৰ পাছত বিতৰ্কিত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে পুনৰ এক গোচৰ ৰুজু হ'ল জিলাখনৰ টংলা আৰক্ষী থানাত। এবছুৰ ভেৰগাঁও সমিতিয়ে টংলা আৰক্ষী থানাত বিতৰ্কিত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে তৰিলে এক গোচৰ। 

অভিযোগ অনুসৰি, ২০১৬ চনৰ পৰা ৭ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা ভেৰগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য শেষ ন‌ৌহ‌ওঁতেই চৌহদৰ পকী দেৱালত দেখা গৈছিল বৃহৎ ফাঁট। ফলত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ তথা দুৰ্নীতিৰ অভিযোগত দাখিল কৰা এজাহাৰৰ ভিত্তিত বিগত ৬ আগষ্টত টংলা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৬, ৪০৯, ৪২০, ৪২৭ নম্বৰ ধাৰাৰ অধীনত ১২৬/১৮ নম্বৰত এক গোচৰ ৰুজু হৈছিল। যদিও আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিলে সেয়া এতিয়ালৈ প্ৰত্যক্ষ হোৱা নাই। 

ইয়াৰ পাছত বিগত ২৬ আগষ্টত বিতৰ্কিত ঠিকাদাৰ অশোক বাজাজৰ বিৰুদ্ধে এগৰাকী এবছুৰ কৰ্মকৰ্তাই ওদালগুৰি সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। এজাহাৰকাৰীৰ অভিযোগ অনুসৰি, বিগত ২০ আগষ্টত ভূটানৰ পৰা বৈ অহা পানীয়ে ওদালগুৰিৰ গলন্দী নৈৰ মঠাউৰি ছিঙি কেইবাখনো গাঁৱৰ বহু পৰিয়ালক ক্ষতিগ্ৰস্থ কৰিছিল। বাঢ়নী পানীয়ে বহু কৃষিভূমি পুতি পেলোৱাৰ লগতে পানীয়ে উটুৱাই নিছিল পশুধন। পানীয়ে ছিঙি নিয়া উক্ত মঠাউৰিটোৰ নিৰ্মাণকাৰ্য বিগত প্ৰায় দুমাহ পূৰ্ৱে সম্পূৰ্ণ হৈছিল। ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নিম্নমানৰ সামগ্ৰীৰে মঠাউৰিটো নিৰ্মাণৰ অভিযোগ উত্থাপিত কৰে এজাহাৰকাৰীয়ে। 

ফলত এবছুৰ এগৰাকী কৰ্মকৰ্তাই বিতৰ্কিত ঠিকাদাৰ তথা এটি প্ৰতিষ্ঠানৰ বিৰুদ্ধে ওদালগুৰি সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ ধাৰাৰ অধীনত ১৯৬/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে। 

ইপিনে উক্ত গোচৰ সন্দৰ্ভত ওদালগুৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটঙ্গীয়াই সাংবাদিকক জানিবলৈ দিয়া মতে গোচৰটো সন্দৰ্ভত ওদালগুৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যদিও কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই। এতিয়া প্ৰশ্ন হয় ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ সৈতে ঠিকাদাৰ গৰাকীৰ মিতিৰালি সন্দৰ্ভত এবছুৱে কৰা অভিযোগ সত্য নেকি, কাৰ আশীৰ্বাদত ডেৰ মাহৰ ভিতৰত তিনিখনকৈ থানাত তিনিটাকৈ গোচৰ ৰুজু তথা জিলা উপায়ুক্ত‌ই তদন্ত ঘোষণাৰ পাছতো বিতৰ্কিত ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই প্ৰশাসনে, সেয়া এই মূহুৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে বিৱেচিত হৈছে।