newsnextone.com | শিৱসাগৰঃ শিৱসাগৰ জিলাৰ উপায়ুক্তই এগৰাকী সাংবাদিকক অভব্য আচৰণ কৰাৰ প্ৰতিবাদত জিলাখনৰ সাংবাদিকসকলে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, জিলা প্ৰশাসনৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথক অপদস্থ কৰে৷ 

তাৰ পিছতে সাংবাদিকক অপদস্থ কৰাৰ প্ৰতিবাদত শিৱসাগৰৰ সাংবাদিকসকলে জিলা উপায়ুক্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ সাংবাদিক সকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰাৰ লগতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ 

সভাত জিলা প্ৰশাসনৰ বা-বাতৰি বৰ্জনৰ সিদ্ধান্তৰ লগতে ২৯ আগষ্টৰ পৰা এসপ্তাহ ক'লা বেজ পৰিধান কৰি জিলা উপায়ুক্তৰ অভব্য আচৰণৰ বিৰোধিতা কৰিব বুলি সাংবাদিকসকলে জানিবলৈ দিয়ে৷ আনহাতে, প্ৰতিবাদকাৰী সাংবাদিকসকলে শিৱসাগৰ জিলা উপায়ুক্তৰ অভব্য আচৰণৰ বিষয়ে উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, উজনি অসম আয়ুক্তৰ লগতে ৰাজ্যৰ জনসংযোগ বিভাগৰ সঞ্চালকক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷