newsnextone.com | কামপুৰঃ যোৱা ভালেকেইদিন ধৰি গ্ৰাম্য এলেকাৰ লোকে বিদ্যুতৰ সঘন আহ-যাহত অতিষ্ঠ হৈ পৰিছে৷ বিদ্যুতৰ সেৱা বাৰে বাৰে ব্যাহত আৰু লুকাভাকুত কৰি থকাত গাঁৱৰ সাধাৰণ লোক উদ্যোগ, ব্যৱসায়ীক প্ৰতিষ্ঠান, কাৰ্যালয় আদিয়ে বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে বুলি জানিব পৰা গৈছে।

গ্ৰাম্য অঞ্চলত বিদ্যুতৰ নাটনি হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে। উল্লেখ্য যে, বিজেপি চৰকাৰ খনে নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ২৪ ঘণ্টাই বিদ্যুত যোগানৰ আশ্বাস দিছিল কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনে ৰাইজক প্ৰদান কৰা আশ্বাস সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। ইমানে নহয় যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ৰাজপথত ওলোমাই ৰখা ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা প্ৰতিশ্ৰুতি দিয়া এখন বেনাৰ ব্যাপক হাৰত প্ৰচাৰ হ’ব ধৰিছে ছচিয়েল মিডিয়াত৷

যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে দিয়া প্ৰতিশ্ৰুতিৰ অন্য এটা আছিল ২৪ ঘণ্টা বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতি৷ কিন্তু সেই প্ৰতিশ্ৰুতি গ্ৰাম্য এলেকাৰ লগতে গুৱাহাটী মহানগৰীতো পালন কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ বিজেপি চৰকাৰে৷ উৎকট গৰমে অসহ্য কৰি তুলিছে জনজীৱন৷ ব্যাঘাট জন্মাইছে স্বাভাৱিক জীৱন প্ৰক্ৰিয়াত৷ সকলোৱে বাট চাই ৰৈছে এচাটি গা-জুৰ পৰা শীতল বতাহৰ আশাত৷ কিন্তু তেনে আশাক বাস্তৱায়িত কৰিবলৈ অহা নাই এচাটি বতাহ৷ যেন ৰ’দে তপত খোলাত দিছে সকলোকে৷ 

তাৰ মাজতে, এতিয়া ৰাজ্যত আৰম্ভ হৈছে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। ৰাজ্যবাসীক গৰমে যন্ত্ৰণা দিয়াৰ সময়তে কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ শক্তি বিভাগ। শক্তি মন্ত্ৰীয়ে শক্তি হেৰুৱাইছে বিদ্যুৎ যোগান ধৰাত৷ উৎকট গৰমত অতিষ্ঠ ৰাজ্যবাসী। আনফালে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ বিভাগৰ বিদ্যুৎ কৰ্তনে জীয়াতু ভূগিব লগা হৈছে ৰাজ্যবাসীক। নগাঁৱৰ কামপুৰ কচুৱাবাসীৰো একেই অৱস্থা৷ অৱশেষত ৰাইজ অতিষ্ঠ হৈ ৰাজপথত শক্তি মন্ত্ৰী তপন গগৈৰ প্ৰতিমূৰ্তিৰ চিতা জ্বলায় প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

নগাঁৱৰ কামপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ কৰে কামপুৰৰ ৰাইজে ।প্ৰতিবাদীসকলে কচুৱাৰ ৰাজপথত প্ৰতিবাদী কণ্ঠৰে শক্তি মন্ত্ৰী হায় হায়, তপন গগৈৰ কাম নাই  আৰু অসম চৰকাৰ হায় হায় ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে। ৰাজপথত বিদ্যুৎ মন্ত্ৰী তপন গগৈৰ প্ৰতিমূৰ্তি ৰাজপথতে সৎকাৰ কৰে। 

বৃহত্তৰ কামপুৰ, চাংচকী, কচুৱা, ৰাজাগাঁও, শিঙিমাৰী, মাধৱপাৰা, প্ৰমিলা আদি অঞ্চলত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে প্ৰতিবাদীসকলে কামপুৰৰ বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক স্মাৰক প্ৰত্ৰ প্ৰদান কৰি এসপ্তাহৰ ভিতৰত বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনায় অন্যথাই জংগী আলোন্দন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে।