newsnextone.com | নগাঁওঃ নগাওঁ জিলাৰ ৰহাৰ টোলগে'ট বন্ধ কৰাৰ দাবীত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব ২৯ সংগঠনে। ৰহাৰ অবৈধ টোলগে'ট বন্ধৰ দাবীত পুনৰ প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নেতৃত্বই।

ৰাজ্যৰ ২৯ টাকৈ জাতীয় সংগঠন মঙলবাৰে পুনৰ কঁপাই কুলিব নগাঁও জিলাক ৷ এন এইচ এ আই আৰু নগাঁও জিলা প্ৰশাসনে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি এই সিদ্ধান্ত লয় সংগঠন কেইটাই। 

সংগঠন কেইটাই মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ ৷ দেওঁবাৰে ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদৰ ফলত ২৪ ঘন্টাৰ বাবে টোলগেট বন্ধ ঘোষণা কৰি সংগঠনসমূহৰ লগত আলোচনাত বহাৰ কথা আছিল ৷ কিন্তু সংগঠনসমূহৰ সৈতে আলোচনাত বহাৰ আশ্বাস দি ২৪ ঘন্টা উকলাৰ পিছতোঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনে আলোচনাৰ বাবে আমন্ত্ৰণ নকৰিলে সংগঠনকেইটাক ৷ সেয়ে সংগঠনকেইটাই প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয় ৷ যিকোনো প্ৰকাৰে ৰহাৰ অবৈধ টোলগেট বন্ধ কৰিব লাগিব বুলি হুংকাৰ দিয়ে যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৷