Tribal News Network
Tribal News Network

লালুকঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াত শনিবাৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিহপুৰীয়া বিদ্যুৎ উপ-সংমণ্ডলত ৪ শতাধিক বিদ্যুৎ গ্ৰাহকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ দীৰ্ঘদিন ধৰি অত্যাধিক বিদ্যুতৰ বিল প্ৰেৰণ কৰাৰ লগতে বিল পৰিশোধ কৰি অহাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰিবলৈ ৰাইজ ওলাই আহে৷

বিহপুৰীয়াৰ পূৱডিক্ৰং অঞ্চলত মুক্তি শইকীয়া নামৰ বিদ্যুৎ বিভাগৰ এজেন্ট জনে গ্ৰাহকৰ পৰা দীৰ্ঘদিন ধৰি নিৰ্দ্ধাৰিত মাহেকীয়া মাছুলতকৈ অত্যাধিক হাৰত ধন সংগ্ৰহ কৰাৰ অবিোগ উত্থাপন কৰে৷ শেহতীয়াকৈ বিদ্যুৎ বিভাগে এজেন্টজনক অব্যাহতি দি বিভাগটোৱে খোদ বিদ্যুৎ মাচুল সংগ্ৰহ কৰি আহিছে দিও ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷

বিভাগৰ অগোচৰে বিদ্যুৎ সংযোগ দিয়াৰ পৰা আৰম্ভ কৰি গ্ৰাহকৰ বিদ্যুৎ মাচুল বিভাগত জমা নিদিয়াকৈ এজেন্ট মুক্তিয়ে গ্ৰাহকৰ পৰা ধন আত্মসাৎ কৰি অহাৰ তথ্য পোহৰলৈ অহাত জাঙুৰ খাই উঠে গ্ৰাহক সকল৷ বিদ্যুৎ বিভাগে মুক্তি শইকীয়াৰ পৰা পাব লগা বিদ্যুৎ মাচুলৰ বোজা গ্ৰাহক ৰাইজৰ ওপৰত জাপি দিয়াত ক্ষুব্ধ গ্ৰাহকে শনিবাৰে বিভাগীয় বিষয়াৰ লগতে এজেন্ট মুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে সমস্যাৰ সন্মুখীন হোৱা বুলি গ্ৰাহক সকলে অভিযোগ উত্থাপন কৰি বিলৰ সমস্যা সমাধান নকৰিলে পুনৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি হুংকাৰ দিয়ে ৰাইজে৷