newsnextone.com | তিনিচুকীয়াঃ ৰাজ্যৰ আকাশ বতাহ এতিয়া উত্তাল৷ অসম ধ্বংস কৰিব নিদিয়াৰ বাবে গৰজি উঠিছে অসমৰ নৰ-নাৰী৷ ৰাজ্যৰ কোনো এখন জিলাৰ নাগৰিক পিছ পৰি থকা নাই৷ প্ৰতিখন জিলাৰ নাগৰিক সমাজে ৰাজ পথলৈ ওলাই আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ পিছ পৰি থকা নাই তিনিচুকীয়া জিলাৰ জনগণো৷ 

তিনিচুকীয়া জিলাৰ দল-সংগঠনে ৰাজ পথ উত্তাল কৰি অহাৰ সময়তে সোমবাৰে অন্যতম স্বেচ্ছাসেৱী-সাংস্কৃতিক অনুষ্ঠান ‘বৈঠকী’ৰ উদ্যোগত ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

সোমাবাৰে পুৱাই শতাধিক ৰাইজ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ ‘বৈঠকী’ৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ আনহাতে ‘বৈঠকী’ৰ নেতা-কৰ্মীয়ে গণ স্বাক্ষৰ সংগ্ৰহ কৰি এই বিধেয়ক কেতিয়াও মানি নোলোৱাৰ হুংকাৰ দিয়ে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তিনিচুকীয়াত সমূহীয়া মুণ্ডন কৰিও প্ৰতিবাদ সাব্যস্ত কৰে সোমবাৰে৷