আমগুৰিঃ অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে যোৱা দুটা বছৰে গণ আন্দোলন অব্যাহত আছে৷ তাৰ মাজতে অসমৰ এটা সংগঠনে হিন্দু বাংলাদেশী সংস্থাপনৰ চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰা বুলি প্ৰচাৰ হোৱা খবৰে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰা অসম সত্ৰ মহা সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভিত হৈ পৰিছে ৰাইজ। কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰে অসমত হিন্দু-বাংলাদেশী সংস্থাপন কৰিবৰ বাবে আকোৰগোজ হৈ পৰাত সোচ্চাৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন৷ 

অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ প্ৰতিবাদত দেওবাৰে নিশা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ আমগুৰি আঞ্চলিকে আমগুৰি নগৰত এক জোঁৰ সমদল উলিয়ায়। সংগঠনটোৱে আমগুৰি নগৰৰ মাজেৰে ৬১ নং ঘাইপথ আৰু ধোদৰ আলিয়েদি প্ৰতিবাদী সমদল বাহিৰ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নাগৰিত্ব সংশোধনী বিধেয়ক ২০১৬ তৎকালেই বাতিল কৰাৰ দাবী জনায়। 

প্ৰতিবাদকাৰীসকলে এই বহু বিতৰ্কিত বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়োৱা অসম সত্ৰ মহাসভাৰ প্ৰতিনিধিসকলক তীব্ৰ ভাষাৰে সমালোচনা কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ 

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কাৰ্যসূচীৰ পৰাই ব্যক্তিকেইগৰাকীলৈ ‘বদন বৰফুকন সোঁৱৰণি বঁটা’ ঘোষণা কৰি অতি সোনকালেই এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি অসম সত্ৰ মহাসভাৰ প্ৰতিনিধিসকলক ক্ষোভ প্ৰকাশ কৰে৷